স্বাধীনতা দিৱস উদযাপনৰ মাজতে সেনা আৰু এন এছ চি এনৰ মাজত সংঘৰ্ষ । স্বাধীনতা দিৱসৰ এই পবিত্ৰ দিনটোতে পুনৰ সেনা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্ৰোহী সংগঠনৰ মাজত সংঘৰ্ষ হয় । সোমবাৰে পুৱতি নিশা নাগালেণ্ডৰ মন জিলাৰ নাংছা বস্তিত সংঘটিত হৈছে এই সংঘৰ্ষ । এই সংঘৰ্ষটোত আছাম ৰাইফলৰ ২ জন জোৱান আহত হয় । আহত সেনা জোৱান সকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।সেনা সূত্ৰই জনোৱা তথ্য অনুসৰি ১০-১৫ জনীয়া এটা সন্ত্ৰাসবাদীৰ দলে আন্তঃৰাষ্ট্ৰীয় সীমাত থকা সেনাৰ আস্থায়ী সঞ্চালন ঘাটিত আক্ৰমণ কৰে । উল্লেখ্য যে কিছুদিন পূৰ্বে আৰুণাচল আৰু নাগালেণ্ড সীমান্তত সেনাৰ শিৱিৰত উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্ৰোহী সংগঠন এন এছ চি এনে আক্ৰমণ কৰিছিল ।