Monday, July 7, 2025
Homeআন্তঃৰাষ্ট্ৰীয়এইবাৰ আন এগৰাকী জনপ্ৰিয় সাহিত্যিকক হত্যাৰ ভাবুকি

এইবাৰ আন এগৰাকী জনপ্ৰিয় সাহিত্যিকক হত্যাৰ ভাবুকি

বুকাৰ বঁটা বিজয়ী প্ৰসিদ্ধ লেখক ছলমান ৰুশ্বডীৰ ওপৰত হোৱা আক্ৰমণৰ গৰিহণা দিয়াৰ বাবে পুনৰ আন এগৰাকী সাহিত্যিকক হত্যাৰ ভাবুকি। সামাজিক মাধ্যমৰ যোগেদি হত্যাৰ ভাবুকি প্ৰদান কৰিছে “হেৰি পটাৰ” শ্ৰষ্টা জে কে ৰাওলিংক। ৰাওলিঙক মীৰ আচিফ আজিজ নামৰ এজন ব্যক্তিয়ে জনপ্ৰিয় গণমাধ্যম টুইটাৰৰ জৰিয়তে হত্যাৰ ভাবুকি প্ৰদান কৰিছে ।“হেৰি পটাৰ”ৰ স্ৰষ্টা জে কে ৰাওলিঙে টুইটাৰত ছলমান ৰুশ্বডীক হত্যাৰ চেষ্টা কৰা ঘটনাক গৰিহণাদি কয় যে,

অতিকৈ দুখ অনুভৱ কৰিছো । ৰুশ্বডীৰ আশু-আৰোগ্য কামনা কৰিলো । আশা কৰো তেওঁ অতি সোনকালে সুস্থ হওঁক।

জে কে ৰাওলিঙৰ এই টুইটৰ উত্তৰ দি মীৰ আচিফ আজিজে কয় যে,

চিন্তা নকৰিব পৰবৰ্তী লক্ষ্য আপুনি।

টুইটাৰত এনেদৰে ভাবুকি দিয়া ছলমান ৰোচদিৰ ঘৰ পাকিস্তানৰ কাৰাচীত বুলি জানিব পৰা গৈছে । সম্প্ৰতি স্কটলেণ্ড আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments