বলিউডৰ স্পেচিয়েল ২৬ নামৰ ছবিখন নিশ্চয় চাইছে। ছবিখনত অক্ষয় কুমাৰ নেতৃত্বত আৰক্ষীৰ বেশত আহি ডকাইতি সংঘটিত কৰা হৈছিল। ঠিক তেনে এক অনুৰূপ ঘটনা বাস্তৱত সংঘটিত হ’ল দেশৰ ৰাজধানী দিল্লীত। দিল্লীৰ সুভাষ প্লেট কমপ্লেক্সৰ কাষৰ এটি সুস্বাস্থ্য কেন্দ্ৰত বুধবাৰে আবেলি মুম্বাই আৰক্ষীৰ বেশত অহা এটা ৭ জনীয়া ডকাইতৰ দলে বন্দুক দেখুৱাই লুটি নিয়ে পাঁচ লক্ষাধিক টকা সহ অন্যান্য মুল্যবান সা-সামগ্ৰী। আৰক্ষীৰ বেশত অহা ডকাইতৰ দলটোৱে প্ৰথমে বলিউডৰ ছবিৰ দলে তালাচী চলাই। প্ৰায় ৫ ঘন্টাজুৰি তালাচী চলাই লুটপাট কৰে ডকাইতৰ দলটোৱে। ডকাইতৰ দলটোৱে ৫ লক্ষাধিক টকা , ১০ টা মবাইলফোন , লেপটপ আৰু কিছুপৰিমাণে বেংকৰ নথিপত্ৰ লুটি নিয়ে। পৰবৰ্তী সময়ত দিল্লী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি দিল্লী, হাৰিয়ানা আৰু মধ্যপ্ৰদেশৰ পৰা গ্ৰেপ্তাৰ কৰে ৭ জনকৈ লোকক। ইয়াৰে ভিতৰত এগৰাকী মহিলাও আছে । ডকাইতি কাণ্ডটোৰ অন্যতম অভিযুক্ত প্ৰশান্ত কুমাৰ পাটিলৰ স্বীকাৰোক্তি আৰু চিচিটিভি ফুটেজৰ ভিত্তিত দিল্লী আৰক্ষীয়ে গ্ৰপ্তাৰ কৰে ধৃত আটাইকেইজন ব্যক্তিক। ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীৰ ডিচিপি ঊষা ৰাংগানিয়ে কয় যে,
অভিযোগ পোৱা মাত্ৰকে আমি তদন্ত আৰম্ভ কৰিছিলো আৰু তদন্ত আৰম্ভ কৰাৰ ৭২ ঘন্টাৰ ভিতৰত আটাইকেইজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হলো ।