দেশৰ স্বাধীনতাৰ বাবে নিজৰ সৰ্বস্ব ত্যাগ কৰা নেতাজী সুভাষ চন্দ্ৰ বসুৰ মৃত্যু আজিও ৰহস্য হৈ আছে । ১৯৪৫ চনৰ ১৮ আগষ্ট তাৰিখে জাপানত সংঘটিত হোৱা এক বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল নেতাজী সুভাষ চন্দ্ৰ বসুৰ । বৰ্তমানলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল নেতাজী সুভাষ চন্দ্ৰ বসুৰ দেহ । ইয়াৰ মাজতে নেতাজী বসুৰ দেহ ট’কিঅ’ৰ ৰেনকাজী হিন্দু মন্দিৰত সংৰক্ষিত অৱস্থাত থকাৰ কথা দাবী কৰিছে তেওঁৰ কন্যা অনিতা বসু ফাফৰে । বৰ্তমান পৰ্যন্ত বসুৰ দেহৰ অৱশিষ্টাংশ সজতনে ৰখাই থোৱা হৈছে বুলি জানিবলৈ দিয়ে নেতাজীৰ কন্যা অনিতাই। সংৰক্ষিত অৱশিষ্টাংশ সত্যতা পৰীক্ষা কৰিবৰ বাবে ডি.এন.এ. পৰীক্ষাৰ বাবে নিজে সাজু আছে বুলি মন্তব্য কৰে অনিতাই। দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰৰ এই পবিত্ৰক্ষণত নেতাজী সুভাষ চন্দ্ৰ বসুৰ দেহৰ অৱশিষ্টাংশ নিজ দেশলৈ ঘুৰাই আনিবৰ বাবে ভাৰত চৰকাৰক আহ্বান জনাইছে । দেশৰ বাবে নেতাজীয়ে জীৱন উচৰ্গা কৰিছিল আৰু সেই দেশতে তেওঁৰ দেহৰ অৱশিষ্টাংশ থকাটো উচিত বুলি তেওঁ মন্তব্য কৰে। এই ক্ষেত্ৰত জাপান চৰকাৰ আৰু মন্দিৰ কৰ্তৃপক্ষৰ কোনো আপত্তি নাই বুলি মন্তব্য কৰিছে নেতাজী সুভাষ চন্দ্ৰ বসুৰ কন্যা অনিতা বসু ফাফৰে । উল্লেখ্য যে নেতাজীৰ কণ্যা অনিতা জাৰ্মানীৰ বাসিন্দা ।