Monday, July 7, 2025
Homeঅসমকোনখন জিলাত কোন মন্ত্ৰী?

কোনখন জিলাত কোন মন্ত্ৰী?

 

সোমবাৰে উদযাপন কৰা হব দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস । ইতিমধ্যে সম্পূৰ্ণ হৈছে প্ৰস্তুতি । ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি দেওবাৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা গল ত্ৰিৰংগা সমদল ।

ৰাজ্য চৰকাৰৰ মন্ত্ৰী সকলে বিভিন্ন জিলাত ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিব । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ খানাপাৰাস্থিত খেলপথাৰত উত্তোলন কৰিব পতাকা । বঙাইগাঁৱত পতাকা উত্তোলন কৰিব মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। ডিব্ৰুগড়ৰ স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰিব মন্ত্ৰী অতুল বৰাই। আনহাতে বিশ্বনাথত পতাকা উত্তোলন কৰিব মন্ত্ৰী ওৰখাও গৌৰা ব্ৰহ্মই। কামৰূপ জিলাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে , কাছাৰ জিলাত পতাকা উত্তোলন কৰিব মন্ত্ৰী পৰিমন শুক্লবদ্যই। গোলাঘাটত মন্ত্ৰী কেশৱ মহন্তই । আনহাতে ধুবুৰীত ৰণুজ পেগুৱে, শোণিতপুৰত অশোক সিংঘলে, লখিমপুৰত মন্ত্ৰী যোগেন মোহনে, দৰং জিলাত সঞ্জয় কৃষাণে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিব। মন্ত্ৰী পিযুষ হাজৰিকাই নগাঁৱত, মন্ত্ৰী অজন্তা নেওগে যোৰহাটত, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নলবাৰী জিলাত , মন্ত্ৰী বিমল বৰাই শিৱসাগৰত আৰু মন্ত্ৰী নন্দিতা গৰলোচাই বৰপেটাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments