গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ৰাজ্য চৰকাৰে কেন্দ্রীয়ভাৱে আয়োজন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । পুৱা স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও তাৎপৰ্য পূৰ্ণ মন্তব্য কৰে । পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী শৰ্মাই ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতাৰে শ্বহীদ সকলক স্মৰণ কৰি ৰাজ্যবাসীক সম্বোধন কৰে । ৰাজ্যবাসীক সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই স্বাধীনতা আন্দোলনৰ শ্বহীদ মণিৰাম দেৱান, পিয়লি ফুকনক সোঁৱৰে । লগতে কৃষক বিদ্ৰোহ দমনৰ বাবে বৃটিছে ফুলগুৰি ধেবা, পথৰুঘাট, ৰঙিয়া আদিৰ ৰাইজমেলত কেনেদৰে হত্যালীলা কৰিছিল তাৰ কথা উল্লেখ কৰে । বৃটিছৰ দমন আৰু অত্যাচাৰৰ বিৰুদ্ধে কেনেদৰে অসমৰ জনতাই যুঁজ দিছিল তাৰ কথা উল্লেখ কৰে । আনহাতে ৰাজ্যৰ শিক্ষাৰ মানদণ্ড উন্নত কৰিবৰ বাবে ৰাজ্যৰ ৪ হাজাৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় ইংৰাজী মাধ্যম কৰাৰ কথা ঘোষণা কৰে ।