Monday, July 7, 2025
Homeৰাষ্ট্ৰীয়গৌৰৱোজ্জ্বল ১৫ আগষ্ট

গৌৰৱোজ্জ্বল ১৫ আগষ্ট

১৫ আগষ্ট । ২০২২ ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস। ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল আৰু সেয়ে আজি আমি ভাৰতৰ মুক্ত নাগৰিক। কিন্তু এই সংগ্ৰামখন অতি কঠিন আছিল। আজি সেই সকলো মহান বীৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ দিন। এইবাৰ ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস, ১৯৪৭ চনৰ পৰা ২০২২ চনলৈ।

গান্ধীজী, নেতাজী সুভাষ চন্দ্ৰ বসু, ভগত সিং, ঝাঁচীৰ ৰাণী লক্ষ্মীবাই, মতাংগিনী হজৰৰ, চৰ্দাৰ বল্লভভাই পেটেল, জোহৰ লাল নেহৰু, বাবাছাহেব আম্বেদকাৰ, মৃত্যুঞ্জয় খুদিৰাম আৰু হাজাৰ হাজাৰ সাধাৰণ মানুহলৈকে সংঘবন্ধ সংগ্ৰামে ভাৰতৰ স্বাধীনতা কঢ়িয়াই আনিছিল।

ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ বাবে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত এখন উচ্চ স্তৰীয় সমিতি গঠন হৈছিল। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ আগষ্ট ২০১৭ত স্বাধীনতা দিৱস উপলক্ষে নিজৰ ভাষণত কৈছিলঃ

আমি দেশৰ যিকোনো ঠাইৰ সৈতে সম্বন্ধ ৰখা সত্ত্বেও, যদি আমাৰ মাজৰ প্ৰত্যেক ব্যক্তিয়ে এটা নতুন সংকল্প, নতুন উদ্যম আৰু নতুন শক্তিৰে প্ৰয়াস কৰো, তেন্তে আমি নিজৰ স্বাধীনতাৰ ৭৫তম বৰ্ষ অৰ্থাৎ ২০২২ বৰ্ষত নিজৰ সমন্বিত শক্তিৰ বলত দেশৰ ছবি সলনি কৰিব পাৰো। আমি এখন এনেকুৱা নতুন ভাৰতৰ নিৰ্মাণ কৰিব পাৰো, য’ত সকলোৱে সমান সুযোগ পাব, য’ত ভূমণ্ডলীকৰণৰ দৌৰত ৰাষ্ট্ৰৰ গৌৰৱ বঢ়োৱাত আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিয়ে বিশেষ ভূমিকা পালন কৰিব।”

ভাৰত চৰকাৰে ১৫ আগষ্ট, ২০২২ত ভাৰতৰ স্বাধীনতাৰ ৭৫ বৰ্ষৰ মহোৎসৱ ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় স্তৰত স্বাধীনতাৰ অমৃত মহোৎসৱৰ ৰূপত পালন কৰাৰ সিদ্ধান্ত লয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে গুজৰাটৰ আহমেদাবাদৰ সাবৰমতী আশ্ৰমৰ পৰা পদযাত্ৰা মুকলি কৰাৰ লগতে স্বাধীনতাৰ ৭৫ তম বাৰ্ষিকীত উৎসৰ্গিত অমৃত মহোৎসৱ সম্পৰ্কীয় অনুষ্ঠান শুভৰাম্ভ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জাৰি কৰা এক বিবৃতি অনুসৰি প্ৰধানমন্ত্ৰীয়ে স্বাধীনতাৰ অমৃত উৎসৱ সম্পৰ্কীয় কেইবাটাও সাংস্কৃতিক আৰু ডিজিটেল অনুষ্ঠান উদ্বোধন কৰাৰ লগতে সাবৰমতী আশ্ৰমত উপস্থিত লোক সকলক সম্বোধন কৰে।

স্বাধীনতাৰ ৭৫ তম বাৰ্ষিকীত অনুষ্ঠিত হ’বলগীয়া কাৰ্যসূচীবোৰৰ ওপৰত নীতি আৰু পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে গৃহ মন্ত্ৰীৰ অধ্যক্ষতাত এখন ৰাষ্ট্ৰীয় ৰূপায়ণ সমিতি গঠন কৰা হয় । প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা অনুষ্ঠানবোৰৰ ভিতৰত আছে স্বাধীনতাৰ ৭৫ বছৰৰ ওপৰত আধাৰিত কৰি চলচ্চিত্ৰ, ৱেবছাইট, গান, স্বাৱলম্বী চৰ্খা আৰু স্বাৱলম্বী ইনকিউবেটৰ।

আনহাতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও দেওবাৰে দিল্লীত স্বাধীনতাৰ ৭৫ তম বাৰ্ষিকী উপলক্ষে এক অনুষ্ঠানত অংশগ্ৰহণ কৰে। কনাট প্লেচৰ কেন্দ্ৰীয় উদ্যানত ভাৰতৰ স্বাধীনতাৰ ৭৫ তম বাৰ্ষিকীত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, উপ মুখ্যমন্ত্ৰী মনীষ চিচোদিয়া, কেবিনেট মন্ত্ৰী আৰু বিধায়ককে ধৰি শতাধিক লোক উপস্থিত থাকে।

ভাৰতৰ স্বাধীনতাৰ ৭৫তম বৰ্ষপূৰ্তি তথা ‘আজাদী কা অমৃত মহোত্‍সৱ’ৰ সন্ধিক্ষণত দেশে সাহসী নাগৰিকসকলক নৱনিৰ্মিত বিশেষ মেডেল (স্মাৰক পদক) প্ৰদান কৰিব। উল্লেখযোগ্য যে, প্ৰতি ২৫ বছৰৰ মূৰত এনে বিশেষ মেডেল ভাৰতৰ সেনা জোৱানসকল আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱানসকলক প্ৰদান কৰা হয়। ১৯৯৭ চনৰ ১৫ আগষ্ট ত ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৫০তম বৰ্ষপূৰ্তি উদযাপনত শেষৰবাৰৰ বাবে এনে মেডেল আগবঢ়োৱা হৈছিল। জানিব পৰা মতে, এই বিশেষ ধৰণৰ মেডেলৰ সন্মুখৰ ফালে সম্ৰাট অশোকৰ চিহ্ন আৰু পাছৰ ফালে অশোকচক্ৰ মুদ্ৰন থাকিব। কেন্দ্ৰীয় চৰকাৰৰ প্ৰমুখ্য অভিযান ‘আজাদী কা অমৃত মহোত্‍সৱ’ সমাৰোহৰ সময়ত এই মেডেল প্ৰদান কৰা হ’ব।

ভাৰতৰ পৰম্পৰা অনুসৰি, কেন্দ্ৰীয় চৰকাৰে স্বাধীনতাৰ ৭৫ তম বাৰ্ষিকীত এটা স্মাৰক পদক মুকলি কৰিছে। এই মেডেল সশস্ত্ৰ বাহিনীৰ লোকসকল যেনে স্থল সেনা, বায়ু সেনা আৰু নৌসেনাত সকলো কৰ্মৰত কৰ্মী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ লগতে ৰাজ্যিক আৰক্ষী গোটসমূহক এই পদক প্ৰদান কৰা হ’ব।

বৃত্তাকাৰ পদকটোৰ সন্মুখত অশোক চিহ্ন, পিছফালে অশোক চক্ৰ থাকিব। ইয়াক ৰাষ্ট্ৰীয় পতাকাৰ ৰঙৰ সদৃশ নীলা ফিটাৰে সংলগ্ন কৰা হ’ব। এই পদকটোত ১৯৪৭-২০২২ চনৰ লগতে স্বাধীনতা ৭৫তম বাৰ্ষিকী লিখিত হৈ আছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments