গৰমৰ দিনত ছালৰ বিভিন্ন সমস্যাই দেখা দিয়ে৷ গৰমৰ দিনত তৈলাক্ত ছালৰ যত্ন বেছিকৈ ল’ব লাগে। কাৰণ গৰমত ছালখন খুব বেছি তেলেতীয়া হৈ থাকে। এনেস্থলত শালমইনাৰ সৃষ্টি হয়। নোমছিদ্ৰসমূহ ডাঙৰ হয়। ফলত বয়সিয়াল আৰু লেতেৰা লাগে। ব্লেক হেডছে আদিয়ে বেছিকৈ দেখা দিয়ে৷
মুখখন ভালদৰে পৰিষ্কাৰ কৰি ৰখাৰ সঠিক উপায়: প্ৰথমতে, মহিলা তথা যুৱতীসকলে তেওঁলোকৰ ছালৰ প্ৰকাৰ বুজি পোৱাটো গুৰুত্বপূৰ্ণ। তেতিয়াহে নিজৰ ছালৰ সঠিকভাৱে ৰক্ষণাবেক্ষণ কৰিব পাৰিব।
আপোনাৰ দিনটো এগিলাচ বা এক লিটাৰ পানীৰে আৰম্ভ কৰক। ই আপোনাৰ শৰীৰক সঠিকভাৱে সতেজ কৰিব। একে সময়তে, ছালত উজ্জ্বলতা আহিব। লগতে গোটেই দিনটো যথেষ্ট পৰিমাণত পানী খোৱাটো নিতান্তই প্ৰয়োজনীয়।
নিশ্চিতভাৱে ৰাতিপুৱাৰ আহাৰৰ আগতে এগিলাচ কুহুমীয়া পানী খাব। ই আপোনাৰ শৰীৰত থকা বিষাক্ত পদাৰ্থবোৰ উলিয়াই দিব। যাৰ বাবে ভৱিষ্যতে কোনো ছালৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয়।
সপ্তাহত এদিন অকণমান মিহি নিমখ আৰু মিঠাতেল মিহলাই পাঁচ-সাত মিনিটমান সময় মুখত সানি ঠাণ্ডা পানীৰে ধুই পেলাব।
তিয়হ, নেমুৰ ৰস মিহলাই আইচ কিউব বনাই থব। মাজে মাজে মুখত ঘহিব। মুখখন উজ্বল হ’ব আৰু শালমইনাও কমিব।
গাখীৰ, মৌ, আৰু নেমু ৰস মিহলাই ১৫ মিনিট মুখত লগাই ধূব। ৰ’দে পোৰা দাগ কমিব।
গতিকে এই কেইটা বিধি আপোনাৰ সুবিধা অনুসৰি আপুনি আপোনাৰ ছালত ব্যৱহাৰ কৰিব । আৰু গৰমৰ দিনতো জিলিকি থাকক বহুতৰ মাজত ৷