প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আঁতৰি যোৱা ছমাহেই হ’ল। ২০২৫চনৰ ১৯ ছেপ্টেম্বৰৰ দিনটোত সুদূৰৰ ছিংগাপুৰৰ পৰা আহিছিল সেই অসমবাসীয়ে কেতিয়াও কল্পনা নকৰা খবৰটো। জুবিন গাৰ্গৰ বিয়োগৰ খবৰৰ পিছতে স্তব্ধ হৈ পৰিছিল সমগ্ৰ অসম। ক’ৰবাত যেন সময়ো ৰৈ গৈছিল থমকি।
ছমহীয়া তিথি উপলক্ষে জুবিনক্ষেত্ৰত ভাগৱত পাঠৰ লগতে নাম প্ৰসংগ অনুষ্ঠিত হৈছে। ইফালে মৰমৰ গ’ল্ডীৰ বাবে নিজ হাতে এসাঁজ ৰান্ধিলে গৰিমা শইকীয়া গাৰ্গে। জুবিনৰ ছমহীয়া তিথিত নিজ হাতেৰে গৰিমাই জুবিনৰ বাবে বনালে ফুলকবি, বিলাহী, আলু, শাকেৰে কচ মাছ।
লগতে গৰিমা শইকীয়া গাৰ্গকে কয় যে ‘‘আজি জুবিনে ভাল পোৱাখিনি ৰান্ধিছোঁ। ৰান্ধি থকা সময়খিনি মোৰ ভাল লাগি আছিল, এনেকুৱা লাগিছিল যে জুবিন আহি খাবহি। মই প্ৰতিমাহে তেওঁ ভালপোৱাৰ ৰান্ধি আগবঢ়াও। প্ৰাৰ্থনা কৰিছো তেওঁ য’তেই আছে শান্তিৰে থাকক। তেওঁৰ আদৰ্শকক লৈ আমি তেওঁ ভালপোৱা কামবোৰ কৰি যাম।’’
গৰিমাই কয় যে ‘‘ন্যায় খৰতকীয়া হোৱাটো আমি সকলোৱে বিচাৰিছোঁ। ৬ মাহ হৈ গ’ল, আমি বহু ধৈৰ্য ধৰি আছো। আমি সেই ১৯ ছেপ্টেম্বৰ দিনটোতে ৰৈ গ’লো অলপো আগবাঢ়িব পৰাই নাই। সকলোৱে উত্তৰ বিচাৰি ৰৈ আছে, সেইবাবে আমি ব্যৱস্থাটো খৰতকীয়া হোৱা বিচাৰিছো লগতে দোষীয়ে শাস্তি হোৱাটো বিচাৰিছো। জুবিন গাৰ্গৰ প্ৰতি যদি ন্যায় নহয় তেন্তে অসমত ন্যায়ৰ কথাটো ভবাই আৰু একো বাকী নাথাকিব।’’
