Thursday, May 22, 2025
Homeৰাষ্ট্ৰীয়দেশবাসীৰ বাবে প্ৰধানমন্ত্ৰী মোডীৰ ৫ টা সংকল্প কি.....?

দেশবাসীৰ বাবে প্ৰধানমন্ত্ৰী মোডীৰ ৫ টা সংকল্প কি…..?

সোমবাৰে দেশজুৰি পালন কৰা হৈছে দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস । ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পুৱাই লালকিল্লাত উত্তোলন কৰিলে ত্ৰিৰংগা পতাকা । ত্ৰিৰংগা পতাকা উত্তোলন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক সম্বোধন কৰে । দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ সংখ্যক দিনটোত মূলত ৫ টা সংকল্প গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে । প্ৰধানমন্ত্ৰী মোডীয়ে গ্ৰহণ কৰা সংকল্প ৫ টা হৈছে –

  • ১. আগন্তুক ২৫ বছৰ ভাৰতৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ । অহা ২৫ বছৰৰ ভিতৰত ভাৰত উন্নয়নশীলৰ পৰা উন্নত ৰাষ্ট্ৰ হ’ব লাগিব । দেশৰ নৱ-প্ৰজন্মক অহা ২৫টা বছৰ দেশৰ উন্নতিৰ বাবে সমৰ্পন কৰাৰ বাবে আহ্বান প্ৰধান মন্ত্ৰীৰ ।
  • ২. এসময়ৰ পৰাধীনতাৰ কোনো চিন-মোকাম নাৰাখি দেশৰ বাবে কাম কৰি যাবলৈ আহ্বান । ভাষাৰ বান্ধোনৰ মাজত হেৰাই যোৱা প্ৰতিভাসমূহক আগুৱাই নিবলৈও সংকল্পবদ্ধ প্ৰধান মন্ত্ৰীগৰাকী ।
  • ৩. দেশৰ ঐতিহ্যক লৈ গৌৰাম্বিত হ’বলৈ আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ।
  • ৪. সমগ্ৰ দেশবাসীক দেশৰ উন্নতিৰ হকে ঐক্যতা বজাই ৰখাৰ অনুৰোধ প্ৰধান মন্ত্ৰীগৰাকীৰ ।
  • ৫. শেষত দেশৰ প্ৰত্যেকজন ব্যক্তিক দেশৰ প্ৰতি থকা দ্বায়িত্ব পালনৰ বাবে আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ ।

লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে শিপাৰ সৈতে সংযোগ ৰাখিব পাৰিলেহে অধিক উচ্চতা চুব পাৰি । আনহাতে এখন স্থিতিশীল চৰকাৰৰ কিমান প্ৰয়োজন আজি ৯ বছৰে দেশৰ জনতাই বুজিছে । দেশৰ উন্নতিৰ বাবে কাম কৰি যাম । দেশৰ যুৱ প্ৰজন্মক সমগ্ৰ বিশ্বই আগ্ৰহেৰে বাট চাই আছে । আগন্তক ২৫ টা বছৰত ভাৰত এক উন্নয়নশীল ৰাষ্ট্ৰলৈ ৰূপান্তৰিত হ’ ব ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments