Thursday, May 22, 2025
Homeৰাষ্ট্ৰীয়দেশৰ ইতিহাসক বিকৃত কৰিবলৈ চেষ্টা কৰি আছে কেন্দ্ৰই , ছোনীয়া গান্ধী

দেশৰ ইতিহাসক বিকৃত কৰিবলৈ চেষ্টা কৰি আছে কেন্দ্ৰই , ছোনীয়া গান্ধী

স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কোনো ৰাজনৈতিক দলৰ নাম নোলোৱাকৈ দেশত চলা পৰিয়াল কেন্দ্ৰীক ৰাজনীতিৰ চলিছিল বুলি মন্তব্য কৰিছিল । প্ৰধানমন্ত্ৰী মোডীয়ে ভাষণত কয় যে ,

পৰিয়ালকেন্দ্ৰীক ৰাজনীতি পৰিয়ালৰ বাবে কৰা হয় , দেশৰ বাবে নহয় ।

প্ৰধানমন্ত্ৰী মোডীৰ এই ভাষনৰ পিছতে জাঙোৰ খাই উঠিছে কংগ্ৰেছ সভানেত্ৰী ছোনীয়া গান্ধী । কংগ্ৰেছ সভানেত্ৰী ছোনীয়া গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে মহাত্মা গান্ধী , জৱাহৰলাল নেহেৰুৰ দৰে মহান নেতা সকলক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে । ছোনিয়া গান্ধীয়ে কয় যে ,

যদি কোনোবাই মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহেৰুৰ দৰে স্বাধীনতা সংগ্ৰামীৰ ভাবমূৰ্তি কুলষিত কৰিব বিচাৰে ,তেন্তে কংগ্ৰেছ দলে সহ্য নকৰিব । কেন্দ্ৰীয় চৰকাৰে নিজৰ ৰাজনৈতিক আদৰ্শ প্ৰচাৰ কৰিবৰ বাবে কংগ্ৰেছৰ নেতা সকলৰ ভাবমূৰ্তি কুলষিত কৰিবলৈ চেষ্টা কৰিছে ।কংগ্ৰেছ দলে কোনো কাৰণতে গান্ধী-নেহেৰু –আজাদ-পেটেলৰ অপমান সহ্য নকৰে । তেওঁলোকে নিজৰ স্বাৰ্থত ইতিহাসক বিকৃত কৰিবলৈ চেষ্টা কৰি আছে ।

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments