গোলাঘাট, ৩১জুলাই:এইবাৰ বান পানীৰ কবলত গোলাঘাট নগৰৰ ১ নং ধনশিৰি কলনি আৰু কাটকটীয়া গাঁও।বাঢ়নী পানীত প্লাবিত হৈছে ন ন অঞ্চল। কাৰ্বি পাহাৰত যোৱা
দুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়িবলৈ ধৰিছে ধনশিৰি নদীৰ জলস্তৰ। যাৰ ফলশ্ৰুতিত এতিয়া
পানীৰ তলত এতিয়া বাসগৃহ ৰ লগতে, খেতি মাটি। এক প্ৰকাৰৰ হাহাকাৰ অৱস্থাৰ বানপীড়িত ৰাইজৰ মাজত। এই খৱৰ লাভ কৰি তত্বপৰ হৈ পৰিছে জিলা প্ৰশাসন। নগৰৰ ৰূপজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ত আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰা হৈছে।
বৰ্তমান লৈকে প্ৰায় ৫০ টাৰো অধিক পৰিয়ালে আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে । শিবিৰত থকা বানাক্ৰান্ত ৰাইজৰ বাবে খাদ্য সামগ্ৰী আৰু খোৱা পানী যোগান ধৰাৰ লগতে চিকিৎসা সেৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে।ইয়াৰ উপৰিও নিশাৰ ভাগত জলস্তৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে জিলা প্ৰশাসনে। যাৰ পৰিপ্ৰেক্ষিতত গোলাঘাট জিলা প্ৰশাসনে জাৰি কৰিছে নৈ পৰীয়া ৰাইজলৈ সতৰ্কবানী।