স্বাধীনতা দিৱসৰ শুভক্ষণত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলৰ বাবে আহিছে এটা ভাল খবৰ । ৰাজ্য চৰকাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰায় ৮০০০ ঠিকাভিত্তিক কৰ্মচাৰীৰ বাবে ব্যৱস্থা কৰিছে Provident Fundৰ । ইয়াৰ বাবে ৰাজ্য চৰকাৰে প্ৰতি মাহে মুঠ ৪ কোটি টকাকৈ বছৰি ৪৮ কোটি টকা ব্যয় বহন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ দ্বাৰা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত কৰ্মৰত ব্লক পৰ্যায়ৰ, পঞ্চায়ত পৰ্যায়ৰ আৰু জিলা পৰ্যায়ৰ ঠিকাভিত্তিক কৰ্মচাৰী সকল উপকৃত হ’ব ।
দেওবাৰে এই কথা সদৰী কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসে ।