Monday, July 7, 2025
Homeৰাষ্ট্ৰীয়পুনৰ ভাবুকি পাক সমৰ্থিত উগ্ৰপন্থী সংগঠনৰ

পুনৰ ভাবুকি পাক সমৰ্থিত উগ্ৰপন্থী সংগঠনৰ

 

১১ আগষ্টত কাশ্মীৰৰ ৰাজৌৰীত সংঘটিত হোৱা আত্মঘাতি আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে “পিপলছ-এন্টি-ফেচিষ্ট প্ৰন্ট” নামৰ এটা উগ্ৰপন্থী সংগঠনে। নিজকে পাকিস্তানৰ এটা সন্ত্ৰাসবাদী সংগঠন বুলি দাবী কৰা সংগঠনটোৱে শনিবাৰে সন্ধিয়া এক ভিডিও বাৰ্তা প্ৰেৰণ কৰি ৰাজৌৰী ঘটনাৰ দায়িত্ব স্বীকাৰ কৰাৰ লগতে চলিত বৰ্ষৰ শেষত ভাৰতত অনুষ্ঠিত হ’বলগীয়া জি-২০ বৈঠক অনুষ্ঠিত হবলৈ নিদিয়ে বুলি ঘোষণা কৰে । উল্লেখ্য যে, এই ভিডিও বাৰ্তাৰ আঁৰত পাকিস্তানি চোৰাংচোৱা সংস্থা আইএছআইৰ হাত থকা বুলি সন্দেহ প্ৰকাশ কৰিছে ভাৰতীয় চোৰাংচোৱা বিশেষজ্ঞ সকলে ।

উল্লেখ্য যে ১১ আগষ্ট তাৰিখে জম্মু-কাশ্মীৰৰ ৰাজৌৰীত ভাৰতীয় সেনাৰ শিবিৰত দুজন উগ্ৰপন্থী প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল । তাৰ ফলত ভাৰতীয় সেনা আৰু সন্ত্ৰাসবাদী দুজনৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় ।উক্ত সংঘৰ্ষত ভাৰতীয় সেনাৰ গুলিত নিহত হয় উগ্ৰপন্থী দুজন । এই সংঘৰ্ষত শ্বহীদ হৈছিল ৪ জনকৈ ভাৰতীয় সেনাৰ বীৰ জোৱান ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments