ডিজিটেল ডেস্ক ANEWS24X7: বুধবাৰে অনুষ্ঠিত হ’ব অসম বিধান সভাৰ এদিনীয়া বিশেষ অধিৱেশন । বুধবাৰে আবেলি ৩ বজাৰ পৰা সন্ধিয়া ৭ বজালৈকে ৪ ঘন্টীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ’ব এই অধিৱেশন । দেশে স্বাধীনতা লাভ কৰাৰ ৭৬ সংখ্যক দিনটোৰ লগত সংগতি ৰাখি দেশজুৰি তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসসূচী সন্দৰ্ভত আলোচনা কৰা হ’ব এই অধিৱেশনত ।
অসম বিধানসভাৰ পুৰণি সদনত অনুষ্ঠিত হ’বলগীয়া এই অধিৱেশনৰ বাবে ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে প্ৰস্তুতি । এই কথা সদৰী কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ।
এই সন্দৰ্ভত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে , “এই বিশেষ অধিৱেশনত বিধায়কসকলে দেশৰ ইতিহাস সম্পৰ্কে বক্তব্য প্ৰদান কৰিব। ইয়াৰো পৰি দেশৰ বৰ্তমানৰ সামগ্ৰিক পৰিস্থিতিৰ বিষয়েও এই অধিৱেশনত আলোচনা কৰা হ’ব । ”