কোকৰাঝাৰত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিলে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে । কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক বহুমুখী খেলপথাৰত ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে । পতাকা উত্তোলন কৰি বিটিআৰ প্ৰধানগৰাকীয়ে ভাৰতৰ স্বাধীনতা আন্দোলনত আত্মবলিদান দিয়া শ্বহীদ সকলক স্মৰণ কৰাৰ লগতে শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰে । বড়োৱে ভাষনত আজিৰ এই দিনটোক ঐতিহাসিক বুলি মন্তব্য কৰে । ইয়াৰ লগতে বিদ্ৰোহী সংগঠন সমূহক মূলসূঁতিলৈ ঘূৰি আহি সাধাৰণ জীৱন যাপন কৰাৰ লগতে সমাজৰ উন্নয়ণৰ হকে কাম কৰিবৰ বাবে আহ্বান জনাই । প্ৰমোদ বড়োৱে বিটিআৰৰ উন্নয়নমুলক কাম-কাজৰ বিষয়েও ভাষণত উল্লেখ কৰাৰ লগতে বিটিআৰৰ উন্নযণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে ।