নিউজ ডেস্ক: ব্ৰিটিছৰ আমোলতে প্ৰাণ পাই উঠা এটা বিশেষ ৰেলৱে ষ্টেচন। যি নেকি দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ছোৱাত ইয়াৰ এক বিশেষ তাৎপৰ্য সন্নিবিষ্ট আছে বিশ্ব ইতিহাসত। ২য় বিশ্বযুদ্ধত জাপানীসকলে বাধাপ্ৰাপ্ত হোৱাৰ সময়ত মিত্ৰশক্তিৰ সশস্ত্ৰ বাহিনীৰ চলাচলৰ সময়ত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল এই বিশেষ ৰেলৱে ষ্টেচনটোৱে।
১৮৯০ চনতে বৃটিছ সকলৰ তৎপৰতাত স্থাপিত হোৱা লেখাপানী ৰেলৱে ষ্টেচন এতিয়া এক প্ৰকাৰৰ জৰাজীৰ্ণ অৱস্থাত। ঐতিহাসিক এই ষ্টেচনটো ১৮৯০ দশকত তেতিয়াৰ ব্ৰিটিছ চৰকাৰে টিপং কয়লা খনিৰ পৰা উৎপাদিত হোৱা কয়লা সৰবৰাহ কৰিবলৈ স্থাপন কৰিছিল। যিহেতু সেই সময়ত ভাৰতবৰ্ষৰ আটাইতকৈ উৎকৃষ্টত্বম কয়লা কেৱল টিপং কয়লা খনিতহে উপলদ্ধ আছিল। উল্লেখ যোগ্য যে উত্তৰ পূৱ কয়লা ক্ষেত্ৰ খনৰ টিপং কয়লা খনিত কয়াল উৎপাদনৰ সাৰ দিনকদিনে হ্ৰাস পাবলৈ ধৰাত এটা সময়ত কয়লা খনিটোৰ সৈতে সামঞ্জস্য থকা অসম অৰুণাচল সীমান্তৱৰ্তি লেখাপানীস্থিত উত্তৰ পূৱ ৰেলৱে ষ্টেচনটো ও ১৯৯৩ চনত সম্পূৰ্ণ ৰূপে বিকল হৈ পৰে। ইয়াৰ পাছটো কিন্তু অন্তিমবাৰৰ বাবে ১৯৯৭ চনত এই ষ্টেচনটো ৰেল চলাচল কৰা প্ৰত্যক্ষ হয়। অৱশ্যে প্ৰাপ্ত তথ্য অনুসৰি শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰ আৰু ৰেলৱে কতৃপক্ষই ২০১২ চনত টিৰাপ কলিয়ৰিৰ পৰা লেখাপনীলৈ ৬(ছয়) কিলোমিটাৰ আৰু লেখাপানীৰ পৰা অৰুণাচল প্ৰদেশৰ খাৰচাঙলৈ প্ৰায় ৩১(একত্ৰিশ) কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ ৰেল লাইন স্থাপনৰ বাবে জৰীপ কৰিছে। যদি কালক্ৰমে এই সকলোবোৰ কেৱল মাত্ৰ ফাইলৰ মাজতে আৱদ্ধ নাথাকি কৰ্মক্ষেত্ৰত সঠিক ৰূপ লয় তেন্তে বৰ্তমানে মৃতপ্ৰায় লেখাপনীস্থিত এই ঐতিহাসিক ৰেলৱে ষ্টেচনটো যে পুনৰ প্ৰাণ পাই উঠিব সেইয়া কিন্তু নিশ্চিত হৈ পৰিব। অন্যথা ই যে এদিন কালৰ প্ৰৱল সোঁতত নিঃচিহ্ণ হৈ যাব তাকো নুই কৰিব নোৱাৰি।