Monday, July 7, 2025
Homeঅসমমানহ ৰাষ্ট্ৰীয় উদ্যানলৈ আহিল নতুন আলহী

মানহ ৰাষ্ট্ৰীয় উদ্যানলৈ আহিল নতুন আলহী

শালবাৰীঃ বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ আহিল এক সুখবৰ । মানহ ৰাষ্ট্ৰায় উদ্যানত বৃদ্ধি পাইছে গড়ৰ সংখ্যা । পূৰ্বৰ ৫০ টাৰ পৰিবৰ্তে এতিয়া মানস ৰাষ্ট্ৰীয় উদ্যানত গড়ৰ সংখ্যা বৃদ্ধি পালে ৫১ টালৈ ।

 

দুদিন পূৰ্বে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জৰ লতাঝাৰত বনকৰ্মীয়ে প্ৰত্যক্ষ কৰে এটা সদ্যজাত গঁড় পোৱালিটো

নিশাৰ আন্ধাৰত মাকৰ সৈতে বিচৰন কৰি থকাৰ অৱস্থাত বনকৰ্মীৰ এটা তহলদাৰী দলে প্ৰত্যক্ষ কৰে গড় পোৱালিটো । অৱশ্যে সদ্যজাত পোৱালিটো মতা নে মাইকী সেইটো নিশ্চিত হ’ব পৰা নাই মানাহ কৰ্তৃপক্ষই ।

বন বিষয়া বাবুল ব্ৰহ্মই জনোৱা মতে, ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰজননক্ষম বহুকেইটা মাইকী গঁড় বন বিভাগৰ নিৰীক্ষণত আছে । নিকট ভৱিষ্যতে উদ্যানখনত গঁড়ৰ সংখ্যা আৰু বৃদ্ধি পাব । গঁড়ৰ উপৰিও ৰাষ্ট্ৰীয় উদ্যানখনত অন্যান্য জীৱ জন্তুৰ সংখ্যাও বৃদ্ধি পাইছে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments