Tuesday, March 10, 2026
Homeঅসমসপোন পূৰ্ণ ১৩আৰক্ষীৰ বিষয়াৰ

সপোন পূৰ্ণ ১৩আৰক্ষীৰ বিষয়াৰ

স্বাধীনতা দিৱস বা গণৰাজ্য দিৱসত ৰাষ্ট্ৰপতিৰ পৰা এটা বঁটা লাভ কৰাটো প্ৰতিজন ভাৰতীয়ৰে এটা সপোন থাকে। এনে এটা সপোন পূৰ্ণ হল অসম আৰক্ষীৰ ১৩ জন বিষয়া কনিষ্ঠবলৰ । নিজৰ কৰ্মনিষ্ঠা আৰু সততাৰ বলত ৰাষ্ট্ৰপতিৰ দ্বাৰা ঘোষিত স্বাধীনতা দিৱসত আৰক্ষী বিষয়াক প্ৰদান কৰা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীৰ এই সকল বিষয়া আৰু কনিষ্ঠবলে।

ৰাষ্ট্ৰপতিৰ দ্বাৰা ঘোষিত স্বাধীনতা দিৱসত বঁটা লাভ কৰিবলৈ সক্ষম হোৱা আৰক্ষী বিষয়াসকল হৈছে – আৰক্ষীৰ উপ আয়ুক্ত দিগন্ত কুমাৰ চৌধুৰী (গুৱাহাটী), এ.পি.আৰ.অ’ উলুবাৰীৰ আৰক্ষী অধীক্ষক (কামাণ্ডো) বিৰাজ দাস (গুৱাহাটী), মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ উপ-আৰক্ষী অধীক্ষক অমৃত চন্দ্ৰ কলিতা (গুৱাহাটী), তিনিচুকীয়াৰ পৰিদৰ্শক অসীম বৰা (ইউ বি), চি আই ডিৰ পৰিদৰ্শক জয়ন্ত কুমাৰ বৰ্মন। চি আই ডিৰ সহকাৰী উপ-পৰিদৰ্শক (ইউ বি) দেবেন্দ্ৰ নাথ দাস, প্ৰথম এ পি টি এফ বেটেলিয়ানৰ লেঞ্চ নায়ক পূৰ্ণ চন্দ্ৰ দাস, কাৰ্বি আংলঙৰ লেঞ্চ নায়ক কমল ছেত্ৰী, নৱম অসম আৰক্ষী বেটেলিয়ানৰ লেঞ্চ নায়ক খগেশ্বৰ নাথ, নৱম অসম আৰক্ষী বেটেলিয়ান বঢ়মপুৰৰ দিপক ভূঞা, বাক্সা আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ কণিষ্টবল (ইউ বি) দন্দধৰ ব্ৰহ্ম, নলবাৰী আৰক্ষী নিবেশৰ কণিষ্টবল (ইউ বি) ৰঞ্জিত শৰ্মা, তিনিচুকীয়াৰ পুলিচ ৰিজাৰ্ভৰ কণিষ্টবল জোনমণি কুৰ্মী আৰু চি আই ডিৰ মহিলা কণিষ্টবল দিপালী গগৈ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments