Tuesday, March 10, 2026
Homeৰাজনৈতিকদিল্লীত শিশু আৰু মহিলা সকলৰ বাবে মুকলি কৰা হ’ব ১০০ খন মহল্লা...

দিল্লীত শিশু আৰু মহিলা সকলৰ বাবে মুকলি কৰা হ’ব ১০০ খন মহল্লা ক্লিনিক

ডিজিটেল ডেস্ক, ANEWS24X7: দিল্লীত মহিলাসকলৰ বাবে মুকলি কৰা হ’ব ১০০ খন বিশেষ মহল্লা ক্লিনিক ৷ বুধবাৰে চাৰিখন ‘মহিলা বিশেষ মহল্লা ক্লিনিক’ উদ্বোধন কৰি এই কথা ঘোষণা কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৷ এই বিশেষ মহিলা ক্লিনিক সমূহত ১২ বছৰৰ তলৰ শিশু আৰু মহিলা সকলে বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব পাৰিব ৷


বিশেষ মহিলা ক্লিনিক উদ্ধোধন কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে, ‘‘ এই চাৰিখন মহিলা মহল্লা ক্লিনিক মহিলাসকলৰ বাবে বিশেষ ভাবে উদ্ধোধন কৰা হৈছে ৷ এই ক্লিনিক সমূহত ১২ বছৰৰ তলৰ শিশু আৰু মহিলা সকলক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হ’ব ৷ এই ক্লিনিক সমূহত বিনামূলীয়াকৈ স্ত্ৰীৰোগ সেৱা , পৰীক্ষা আৰু ঔষধ উপলব্ধ হ’ব ৷প্ৰথম পৰ্যায়ত মহিলা আৰু শিশু সকলৰ বাবে ১০০ খন ক্লিনিক খোলা হ’ব।এই ক্লিনিক সমূহৰ চিকিৎসক আৰু কৰ্মচাৰী সকল মহিলা হ’ব ৷’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments