Thursday, November 7, 2024
Homeৰাষ্ট্ৰীয়‘‘হোলী খেলিলে খং উঠিব ভগৱানৰ!’’ ১০০ খন গাঁৱত নেখেলে হোলী

‘‘হোলী খেলিলে খং উঠিব ভগৱানৰ!’’ ১০০ খন গাঁৱত নেখেলে হোলী

ডিজিটেল ডেস্ক, ANEWS24X7: ৰঙৰ উৎসৱ হোলীৰ মাদকতাত সমগ্ৰ দেশ ব্যস্ত থকাৰ মাজতে আহিছে সকলোকে আচৰিত কৰা এক বিশেষ খবৰ৷ ভগৱানৰ ক্ৰোধৰ ভয়ত হোলী খেলাৰ পৰা বিৰত আছে ভাৰতৰে ১০০ খন গাঁও৷ এয়াই ভাৰতৰ বৈচিত্ৰৰ মাজত লুকাই থকা ঐক্যৰ এয়া এক জ্বলন্ত উদাহৰণ৷

ঈশ্বৰৰ নিজা পৰ্বতত ফাকুৱাৰ ৰঙে লেতেৰা কৰিলে ক্ৰোধাম্বিত হ’ব খোদ পৰমেশ্বৰ৷ এই লোকবিশ্বাস সৰোগত কৰিয়েই ফাকুৱাৰ আবিৰৰ পৰা দূৰতে অৱস্থান কৰে ভাৰতৰে ৰাজ্য উত্তৰাখণ্ডৰ অন্তৰ্গত ১০০খন গাঁও৷ উত্তৰাখণ্ডৰ পিত্থৰাগড়ৰ ধৰচোলা আৰু মুনচিয়াঁৰিৰ ১০০ খন গাঁৱৰ গাঁওবাসীয়ে ভগৱানৰ ভয়ত নেখেলে ফাকুৱা৷ ভগৱানৰ নিজৰ পৰ্বতত পৰিব নিদিয়ে ৰঙৰ চেকা৷

উত্তৰাখণ্ডৰ চিপ্লা কেদাৰ কুণ্ডৰ ১৬০০০ ফুট উচ্চতাত পৱিত্ৰ ‘‘ গুপ্ত কৈলাশ ’’ অৱস্থিত৷ এই স্থানত হোলী খেলিলে স্থানীয় নিবাসী ঈশ্বৰৰ কোপৰ চিকাৰ হ’ব বুলি মান্যতা আছে৷ সেয়ে এই স্থান ফাকুৱাৰ দিনকেইটাতো সাধাৰণ দিনৰ দৰে একেই থাকে৷ এই স্থানত হোলী খেলিলে খেলাজনৰ সৈতে ন’হবলগীয়া ঘটনা সংঘটিত হ’ব বুলি স্থানীয় লোক সকলে ভয় কৰে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments