ডিজিটেল ডেস্ক,ANEWS24X7: মহাৰাজগঞ্জ জিলাৰ চোখৰাজ তুলচিয়ান ইণ্টাৰ কলেজৰ হোষ্টেলৰ তৃতীয় মহলাৰ পৰা পৰি সন্দেহজনকভাৱে মৃত্যু হয় এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ছাত্ৰজনৰ পৰিয়ালৰ লোকে হত্যাৰ অভিযোগ উত্থাপন কৰি ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
ছাত্ৰজন শিনগৰৰ নিবাসী ছোটে লালৰ পুত্ৰ অভয় গুপ্তা (১৫) বুলি জানিব পৰা গৈছে। মকৰ সংক্ৰান্তি উপলক্ষে ছাত্ৰজন ঘৰলৈ গৈছিল। সোমবাৰে আকৌ উভতিছিল হোষ্টেললৈ।
বৃহস্পতিবাৰে মাজনিশা ছাদৰ পৰা বাগৰি পৰে অভয়। এই সন্দৰ্ভত তথ্য পোৱাৰ লগে লগে বিদ্যালয় প্ৰশাসনে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰে। অৱস্থা সংকটজনক হোৱাত তেওঁক জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তাতো যেতিয়া ছাত্ৰজনৰ অৱস্থাৰ উন্নতি নহ’ল তেতিয়া তেওঁক গোৰখপুৰৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ সময়তে ভাটহাটৰ সমীপত মৃত্যু হয় অভয়ৰ।
মৃত ছাত্ৰজনৰ পিতৃ ছোটেলালে হত্যাৰ অভিযোগ উত্থাপন কৰি আৰক্ষীক এজাহাৰ দি ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। আনহাতে অভয়ৰ বন্ধুসকলে কয় যে ঘৰৰ পৰা আহি তেওঁ কাৰো লগত কথা পতা নাছিল আৰু সময়মতে খাদ্যও খোৱা নাছিল।
