Friday, November 8, 2024
Homeৰাষ্ট্ৰীয়ত্ৰিশ বছৰৰ পিছত পানীৰ তলৰ পৰা ওলাল ১২০ বছৰীয়া মছজিদ

ত্ৰিশ বছৰৰ পিছত পানীৰ তলৰ পৰা ওলাল ১২০ বছৰীয়া মছজিদ

ডিজিটেল ডেস্ক ANEWS24X7: সুদীৰ্ঘ ত্ৰিশ বছৰৰ পিছত পুনৰ বিদ্যামান হ’ল বিহাৰৰ নৱাদাত পানীত বুৰ গৈ থকা এটা মছজিদ ৷ তিনি দশক ধৰি পানীত বুৰ গৈ থকা এই মছজিদটো বৰ্তমানেও অক্ষত অৱস্থাত আছে ৷ এই খবৰ বিয়পি পৰাৰ লগে লগে দূৰ-দূৰণিৰ পৰা মানুহে ইয়াৰ চাবলে ভিৰ কৰেহি ৷

১৯৮৪ চনত বিহাৰৰ নৱাদা জিলাৰ ফুলৱাৰিয়া বান্ধ নিৰ্মাণ কৰা হৈছিল ৷ ফুলৱাৰিয়া বান্ধ নিৰ্মাণ কৰা পূৰ্বে উক্ত স্থানত মুছলমান সম্প্ৰদায়ৰ লোক সকল তাত বসবাস কৰিছিল ৷ ফুলৱাৰিয়া বান্ধ নিৰ্মাণ বাবে উক্ত স্থানৰ পৰা সেই সকল লোকৰ সেই স্থানৰ পৰা স্থানান্তৰিত কৰা হৈছিল ৷ কিন্তু একেটা স্থানতে ৰখোৱা হৈছিল মছজিদটো ৷ পৰবৰ্তী সময়ত পানীৰ বাবে বুৰ গৈছিল মছজিদটো ৷ কেৱল মছজিদৰ গম্বুজটোহে প্ৰত্যক্ষ কৰা হৈছিল ৷

কিন্তু পানীৰ স্তৰ কম হোৱাৰ ফলত সেই স্থানত পুন দেখিবলৈ পোৱা গৈছে ৩০ বছৰ পূৰ্বে পানীত বুৰ যোৱা মছজিদটো ৷ এই মছজিদটোৰ বয়স প্ৰায় ১২০ বছৰ হ’ব বুলি অনুমান কৰা হৈছে ৷নিৰ্মাণ কৰা হৈছিল বিংশ শতিকাৰ আৰম্ভণিতে এই মছজিদটো ৷

এতিয়াও অনিশ্বয়তাত আছে মছজিদটোৰ ভৱিষ্যত ৷ কিয়নো পানীৰ স্তৰ বৃদ্ধি পোৱাৰ লগে লগে পুনৰ পানী অদৃশ্য হৈ যাব মছজিদটো ৷ জনতাৰ মনত এতিয়া কৌতুহলৰ সৃষ্টি হৈছে ৷ পুনৰ পানীত অদৃশ্য হবলৈ এৰি দিয়া হ’ব নেকি মছজিদটো ? নে সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ব ?

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments