Tuesday, July 8, 2025
Homeক্ৰীড়াদ্বাদশ ৰাষ্ট্ৰীয় পেনচাক চিলাট প্ৰতিযোগিতা

দ্বাদশ ৰাষ্ট্ৰীয় পেনচাক চিলাট প্ৰতিযোগিতা

ডিজিটেল ডেস্ক, ১৪জুন:২০২৪ত অসমৰ ৩০ গৰাকী পুৰুষ আৰু মহিলা খেলুৱৈয়ে টেণ্ডিং, টুংগল, গাণ্ডা, ৰেগু আৰু ক্ৰীয়েটিভ ছ’ল’ আদি বিভাগত প্ৰতিযোগিতা আগবঢ়াই দুটা সোন, তিনিটা ৰূপ আাৰু তিনিটা ব্ৰঞ্জসহ মুঠ আঁঠটা পদক জয় কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে। দেশৰ ৩৬ ৰাজ্যৰ লগতে চি আই এছ এফ, এছ এছ বি, আচাম ৰাইফল্ছ আদি ৪০ টা খেলুৱৈ দলৰ মুঠ ৯৮৪ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনিত অসমৰ হৈ টেণ্ডিং (যুঁজ) শাখাত গোলাঘাট জিলাৰ লাকী দাস আৰু প্ৰেৰণা হাজৰিকাই সোনৰ পদক, ধেমাজী চিলাপথাৰৰ খেম কুমাৰী প্ৰধানে ৰূপৰ, প্ৰেম দেউৰী আৰু দীপক টামাঙে ব্ৰঞ্জৰ পদক, গোৱালপাৰা জিলাৰ লক্ষ্মী ৰাভাই ৰূপৰ আৰু প্ৰাঞ্জল ৰাভাই ব্ৰঞ্জৰ পদক আৰু বৰপেটা জিলাৰ অনামিকা হ’ৰে ৰূপৰ পদক জিনিবলৈ সক্ষম হয়।

উল্লেখ্য যে আগন্তুক ৩৮তম ৰাষ্ট্ৰীয় ক্ৰীড়া মহোত্‌সৱ:২০২৪ (উত্তৰাখন্দ) ৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বাচনিক উপলক্ষৰে আয়োজিত প্ৰতিযোগিতাখনিত পদকপ্ৰাপ্ত সকলৰ লগতে টেণ্ডিং (যুঁজ) শাখাত অসমৰ দিবাকৰ ৰাভা, ডিম্পল ৰাভা, টিপু পাতিৰ, ঔম চেত্ৰী, বিক্ৰম ৰাভা, ৰীমা ৰাভাৰ বিপৰীতে আৰ্টিষ্টিক শাখাত অনন্যা শইকীয়া, সবিতা মোছাহাৰী, সোনালী মোছাহাৰী, ৰিকী খাৰ্কা, মঞ্জয় চেত্ৰী আৰু মনিষ চেত্ৰীয়ে কোৱাৰ্টাৰ ফাইনেল ৰাউণ্ডত প্ৰৱেশ কৰি আগন্তুক ৩৮তম ৰাষ্ট্ৰীয় ক্ৰীড়া মহোত্‌সৱ:২০২৪ ৰ বাবে নিজৰ নাম বাচনিৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে বুলি অসম পেনচাক চিলাট সন্থাৰ সাধাৰণ সম্পাদক আৰু কাৰিকৰী সঞ্চালক লক্ষ্যজিত দলে জানিবলৈ দিয়ে

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments