ডিজিটেল ডেস্ক, ANEWS24X7: এক ঘটনা সন্দৰ্ভত বৰ্তমান জালুকবাৰীৰ DCPকাৰ্যালয়ৰ পৰা লৈ যোৱা হৈছে স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰবাল কলিতাক । কিছুসময় পাছতে আদালতত হাজিৰ কৰোৱা হ’ব প্রবাল কলিতাক । ইপিনে ভৰলু থানাৰ ৪১/২০২৩ নম্বৰৰ গোচৰ ভিত্তিত এক অপহৰণ কাণ্ড, এই ঘটনাত জড়িত আছিল প্রবাল কলিতা। এই ঘটনাত প্রবালে ব্যৱহাৰ কৰিছে তেওঁৰ কৰ্মচাৰীক।
আনহাতে তদন্তৰ আওতালৈ আহিব অংকুৰ সুৰানা ও, ধনৰ লেনদেনৰ বাবেই ঘটিছিল এই ঘটনা। ইফালে প্রবাল কলিতাই স্বীকাৰ কৰিছে এই ঘটনাৰ কাণ্ড । য’ত অপহৰণৰ পিছত আক্ৰমণ কৰা কৰিছিল অংকুৰক । দিল্লীত আত্মগোপন কৰি আছিল প্রবাল কলিতাই।আৰক্ষীয়ে ১৪ দিনৰ জিম্মাত বিচাৰিব প্রবাল কলিতাক।
এতিয়াও পলাতক এই ঘটনাৰে জড়িত পি কে ৰিজৰ্টৰ আন ২ কৰ্মচাৰী।এতিয়ালৈকে গ্ৰেপ্তাৰ হোৱা অভিযুক্ত ব্যক্তি কেইজন ৰূপম দাস,ৰাজেন কৈমল,আজাহৰ চৌধুৰী, শ্ৰী হৰেণ দাস,শ্ৰী গৌতম দাস,প্রবাল কলিতাকে ধৰি মুঠ ৬ জনক গ্ৰেপ্তাৰ কৰা হৈছে যদিও পলাতক হৈ আছে আন ২ দুজন লোক ।