Tuesday, July 8, 2025
Homeঅসম২ মে’ত ৰাজ্যৰ ১৪খনকৈ জিলাত বন্ধ ঘোষণা

২ মে’ত ৰাজ্যৰ ১৪খনকৈ জিলাত বন্ধ ঘোষণা

২ মে’ত ৰাজ্যৰ ১৪খনকৈ জিলাত বন্ধ ঘোষণা

বন্ধ থাকিব স্কুল-কলেজ, কাৰ্যালয়-ব্যৱসায়িক প্ৰতিষ্ঠান

আনফালে ৭ মে’ত আকৌ ১৩খন জিলাত বন্ধ ঘোষণা কৰা হৈছে।

২ মে’ত ৰাজ্যৰ ১৪খন জিলাত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰু ৭ মে’ত ১৩খন জিলাত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।

পঞ্চায়ত নিৰ্বাচনৰ বাবে এই ২ মে’ আৰু ৭ মে’ত চৰকাৰী বন্ধ ঘোষণা কৰিছে প্ৰশাসনে।

অসম চৰকাৰে ১১ এপ্ৰিলত এক নিৰ্দেশনা যোগে জাৰি কৰিছিল এই নিৰ্দেশনা।

২ মে’ত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমিত জিলাত।

আনহাতে, অহা ৭ মে’ত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে ধুবুৰী, দক্ষিণ শালমৰা, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ (মহানগৰ), হোজাই, নগাঁও, মৰিগাঁও আৰু দৰঙত চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে।

২ আৰু ৭ মে’ত ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন এলেকাৰ অন্তৰ্গত বেংক, চাহ বাগিচা আদিকে ধৰি সকলো চৰকাৰী/বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আৰু ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments