Friday, November 8, 2024
Homeঅসম২০২৩–২৪ বিত্তীয় বৰ্ষৰ বাজেট, ১০০ বছৰ পূৰণি ধৰ্মীয় অনুষ্ঠানলৈ ১৫ লাখ

২০২৩–২৪ বিত্তীয় বৰ্ষৰ বাজেট, ১০০ বছৰ পূৰণি ধৰ্মীয় অনুষ্ঠানলৈ ১৫ লাখ

ডিজিটেল ডেস্ক, ANEWS24X7: আজি বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰে ২০২৩–২৪ বিত্তীয় বৰ্ষৰ বাজেট। বিভিন্ন ক্ষেত্ৰত বিভিন্ন গুৰুত্বপূৰ্ণ ঘোষণাৰে প্ৰস্তুত কৰা হৈছে এই বাজেট। বাজেটত অসম দৰ্শন আঁচনিৰ অধীনত ৮ হাজাৰটা নতুন নামঘৰ সামৰি লোৱাৰ প্ৰস্তাৱ দিয়া হৈছে।

সমূহীয়া উৎসৱ উদযাপন কৰা ধৰ্মীয় প্ৰতিষ্ঠানলৈ প্ৰদান কৰিব ২.৫ লাখ টকাকৈ। ১০০ বছৰতকৈ অধিক পুৰণি নামঘৰ, মন্দিৰ, মছজিদ, গিৰ্জা, গুৰুদ্বাৰলৈ ১৫ লাখ টকাকৈ প্ৰদান কৰা হ’ব। এই আঁচনিৰ বাবে ১৮০ কোটি টকা আবণ্টন বাজেটত। প্ৰতিখন গাঁৱলৈ ‘গাঁও প্ৰতিষ্ঠা দিৱস’ পালনৰ বাবে আগবঢ়োৱা হ’ব ৫০০০ টকাকৈ।

‘খেল মহাৰণ’ অনুষ্ঠিত কৰাৰ বাবে প্ৰতিখন ৰাজহ গাঁৱলৈ ১০ হাজাৰ টকাকৈ প্ৰদানৰ ঘোষণা বাজেটত। এই পদক্ষেপৰ বাবে ৬০ কোটি টকা আবণ্টন বাজেটত।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments