Sunday, July 6, 2025
Homeউত্তৰ-পূৱনিৰ্মীয়মাণ দলঙৰ ৰেলিং ভাঙি ১৭ জন শ্ৰমিকৰ মৃত্যু 

নিৰ্মীয়মাণ দলঙৰ ৰেলিং ভাঙি ১৭ জন শ্ৰমিকৰ মৃত্যু 

সুৰজিৎ চক্ৰৱৰ্তী, শিলচৰ: মিজোৰামৰ চাইৰং ত ৰেলৰ নিৰ্মীয়মাণ দলঙৰ ৰেলিং ভাঙি ১৭ জন শ্ৰমিকৰ মৃত্যু। নিখোঁজ কেইবাজনো শ্ৰমিক ৷মিজোৰামৰ চাইৰং ত সংঘটিত হৈছে ঘটনাটো ৷ভৈৰবী – মিজোৰাম সংযোগী ৰেল পথৰ দলং ত নিৰ্মানৰ কাম চলি আছিল ৷

আইজলৰ নিকটৱৰ্তী চাইৰংত বৃহৎ দলং নিৰ্মানৰো কাম কৰিছে ৰেল বিভাগে ৷ কাম চলি থকাৰ সময়ত ঘটিল ঘটন ৷ হঠাৎ নিৰ্মীয়মান দলং ৰ ৰেলীং ভাঙি তলত নৈত পৰি যায় ৷  ফলত নিৰ্মান কামত নিয়োজিত শ্ৰমিক সকল তললৈ পৰি যায় ৷ লগে লগে উদ্ধাৰ কামত নামে প্ৰশাসন ৷

এতিয়ালৈ ১৭ জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷উদ্ধাৰ অভিযান অব্যাহত আছে ৷নিখোঁজ কেইবাজন শ্ৰমিক ৷ ৩৫ জন শ্ৰমিক দলং ত কামত নিয়োজিত আছিল বুলি জানিব পৰা গৈছে ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments