ডিজিটেল ডেস্ক, ANEWS24X7: ইৰাণৰ চিস্তান-বালুচিস্তান প্ৰদেশত গুলীচালনাৰ ঘটনা । ইৰাণৰ সুৰক্ষা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হয় এই সংঘৰ্ষ । এই সংঘৰ্ষত এজন কৰ্ণেলসহ ১৯ জন লোক নিহত হৈছে ।আনহাতে আহত হৈছে ২০ জনৰো অধিক লোক ।
চিস্তান-বালুচিস্তান প্ৰদেশৰ ৰাজ্যপাল হুছেইন থিয়াবানীয়ে কয় যে,‘‘এই ঘটনাটোত ১৯ জন লোক নিহত হোৱাৰ লগতে ২০ জনৰো অধিক লোক আহত হৈছে । এই সংঘৰ্ষত ইছলামিক ৰিভলিউচনৰী গাৰ্ডছ ফ’ৰ্চৰ প্ৰাদেশিক চোৰাংচোৱা বিষয়া কৰ্ণেল আলী মোচাভিও নিহত হৈছে ।’’
আক্ৰমণকাৰী সকলে চেইন ষ্ট’ৰকে ধৰি অন্যান্য ৰাজহুৱা সম্পত্তি জুই লগাই দিয়ে ।বেংক আৰু চৰকাৰী কেন্দ্ৰসমূহ ভাঙি চুৰমাৰ কৰে । সন্ত্ৰাবাদীৰ গোটটোৱে প্ৰথমে এখন আৰক্ষী থানাত লক্ষ্য কৰি লয় । ইয়াৰ পিছত এটা মজিদৰ ওচৰত সমবেত হৈ গুলীবৰ্ষণ আৰম্ভ কৰিছিল । বৰ্তমান আৰক্ষীৰ নিয়ন্ত্ৰণত আছে সমগ্ৰ অঞ্চল ।