ডিজিটেল ডেস্ক, anews24x7: বৃহস্পতিবাৰে মহানগৰীৰ খাৰঘূলীত সংঘটিত হৈছিল ভয়ংকৰ জলবিস্ফোৰণ। যাৰ ফলত ২জনকৈ লোক নিহত হোৱাৰ লগতে ৩০ জন লোক আহত হৈছিল। আনহাতে ৪০ টাকৈ ঘৰ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছিল।
আজি ঘটনাস্থলীত উপস্থিত হয় দুৰ্যোগ প্রশমন বিভাগৰ মন্ত্রী যোগেন মোহন। গুৱাহাটী মহানগৰীৰ খাৰঘুলি অঞ্চলত সংঘটিত হোৱা দুৰ্ঘটনাৰ ফলত কেইবাটাও পৰিয়ালৰ ক্ষয়-ক্ষতি হয়। ঘটনাস্থলীত উপস্থিত হৈ ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে প্ৰতিটো দিশ পৰ্যালোচনা কৰি এই জল বিস্ফোৰণ ফলত ক্ষতি গ্ৰস্ত হোৱা পৰিয়ালৰ সৈতে মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে।
অসম চৰকাৰৰ তৰফৰ পৰা সকলো প্ৰকাৰৰ সহায় সহযোগিতাৰ আশ্বাস প্ৰদান কৰাৰ লগতে মৃতকৰ পৰিয়াললৈ আৰ্থিক ক্ষতি পূৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।
নিহতসকলৰ আত্মীয়লৈ তৎকালীনভাৱে আগবঢ়োৱা হ’ব ২ লাখ টকাৰ আৰ্থিক সাহাৰ্য। আহতসকললৈ আগবঢ়োৱা হ’ব ১০ হাজাৰ টকা।