Tuesday, July 8, 2025
Homeআন্তঃৰাষ্ট্ৰীয়হেকাৰৰ কৱলত টুইটাৰৰ ২০ কোটি একাউন্ট

হেকাৰৰ কৱলত টুইটাৰৰ ২০ কোটি একাউন্ট

ডিজিটেল ডেস্ক, ANEWS24X7: হেকাৰৰ কবলত বিশ্বৰ অন্যতম জনপ্ৰিয় সামাজিক মাধ্যম টুইটাৰ । হেকাৰে টুইটাৰৰ প্ৰায় ২০ কোটি ব্যৱহাৰকাৰীৰ তথ্য চুৰি কৰিছে । এই দাবী কৰিছে ইজৰাইলৰ বিশেষজ্ঞ সকলে । হেকাৰ চক্ৰই টুইটাৰ ব্যৱহাৰকাৰী সকলৰ ই-মেইল এড্ৰেছ চুৰি কৰি অনলাইন হেকিং ফ’ৰামত প’ষ্ট কৰা বুলি প্ৰকাশ কৰিছে ইজৰাইলৰ বিশেষজ্ঞই।এই খবৰ পোহৰলৈ অহাৰ পিছতে এতিয়া চিন্তিত হৈ পৰিছে টুইটাৰ ব্যৱহাৰকাৰী সকল ।

এই দাবী কৰিছে ইজৰাইলৰ চাইবাৰ ছিকিউৰিটি মনিটৰিং ফাম হাডছন ৰকৰ সহযোগী প্ৰতিষ্ঠাপক অল’ন গেলে । তেওঁ দাবী কৰে যে যোৱা ২৪ ডিছেম্বৰত এই বিষয়ে জ্ঞাত হয় । অনুমান কৰা হৈছে যে ২০২১ চনৰ পৰাই হেকাৰে টুইটাৰৰ পৰা তথ্য চুৰি কৰি আহিছে ।

অৱশ্যে এই পৰ্যন্ত টুইটাৰ কৰ্তৃপক্ষয় আনুষ্ঠানিকভাৱে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । এই খবৰ বিয়পি পৰাৰ পিছতে এতিয়া আতংকিত হৈ পৰিছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ টুইটাৰ ব্যৱহাৰকাৰী সকল । উদ্যোগপতি ইলন মাস্কে টুইটাৰ ক্ৰয় কৰাৰ পিছৰে পৰা এক প্ৰকাৰে বিপদে নেৰা হৈ পৰিছে টুইটাৰ ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments