ডিজিটেল ডেস্ক, ANEWS24X7: ২০২২ বৰ্ষত সমগ্ৰ বিশ্বৰ সাংবাদিক সকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত গুৰুতৰ অৱনতি ঘটিছে ৷ ২০২২ বৰ্ষত সমগ্ৰ বিশ্বত ৬৬ গৰাকী সাংবাদিক আৰু সংবাদ কৰ্মীক হত্যা কৰা হৈছে ৷ এই তথ্য প্ৰকাশ কৰিছে আন্তৰ্জাতিক প্ৰেছ ইনষ্টিটিউটৰ চমুকৈ আইপিআইয়ে ৷
বৃহস্পতিবাৰে আইপিআই গ্লোবেল নেটৱৰ্কে প্ৰকাশ কৰা বাৰ্ষিক প্ৰতিবেদনত প্ৰকাশ পাইছে সাংবাদিক হত্যাৰ তথ্য ৷ প্ৰতিবেদনখনে চলিত বৰ্ষৰ ১ জানুৱাৰীৰ পৰা ২৩ ডিচেম্বৰলৈ সংগ্ৰহ কৰিছে এই তথ্য ৷ অষ্ট্ৰিয়াৰ ভিয়েনাস্থিত আইপিআইয়ে ১৯৯৭ চনৰ পৰা বিশ্বজুৰি সাংবাদিক হত্যাৰ তথ্য নথিভুক্ত কৰি আহিছে ৷

আইপিআইৰ প্ৰতিবেদন অনুসৰি ২০২১ বৰ্ষৰ তুলনাত ২০২২ বৰ্ষত বৃত্তিগত কাৰণত অধিক সাংবাদিক আৰু সংবাদ কৰ্মীক হত্যা কৰা হৈছিল ৷ ২০২১ বৰ্ষত সমগ্ৰ বিশ্বত ৪৫ সাংবাদিকক হত্যা কৰা হৈছিল ৷
২০২২ বৰ্ষত নিহত সাংবাদিক সকলৰ ভিতৰত আঠ গৰাকী মহিলা আৰু ৫৮ জন পুৰুষ ৷ ২০২২ বৰ্ষত সমগ্ৰ বিশ্বৰ ভিতৰত সৰ্বাধিক ১৪ গৰাকী সাংবাদিক নিহত হৈছে ৷ আইপিআইৰ মতে মেক্সিকোত সাংবাদিক বিৰুদ্ধে কেইবাটাও আক্ৰমণ , লগতে ইউক্ৰেইন-ৰাছিয়া যুদ্ধৰ সময়ত সাংবাদিকৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে ৷ ইউক্ৰেইন-ৰাছিয়া যুদ্ধৰ বাতৰি কভাৰ কৰোঁতে এই বছৰ আঠজন সাংবাদিক নিহত হৈছে।
