ডিজিটেল ডেস্ক, ১৫ফেব্ৰুৱাৰী: চৰকাৰী কৰ্মচাৰীৰ বাবে ২১টাকৈ ঘোষণা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। পেঞ্চনৰ পৰা আৰম্ভ কৰি চিকিৎসা ব্যয়লৈ, আপোন ঘৰৰ পৰা আৰম্ভ কৰি আপোন বাহনলৈ, কেইটাবাটাও বৃহৎ ঘোষণা। চৰকাৰী কৰ্মচাৰীয়ে আজিয়েই লওক এই সুবিধা।
১ এপ্ৰিলৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ইউনিফাইড পেঞ্চন আঁচনি প্ৰযোজ্য হ’ব। ১০ বছৰৰ চাকৰি সম্পূৰ্ণ কৰাসকলে নিয়মিত পেঞ্চন লাভ কৰিব। ২৫ বছৰৰ চাকৰিসম্পূৰ্ণ কৰাসকলে আন পৰ্যায়ত পেঞ্চন পাব।ইয়াৰ ফলত ১০ বছৰৰ থকাসকলে এটা নিয়মিত পেঞ্চন লাভ কৰিব। ২৫ বছৰ চাকৰি থকাসকলে আন পৰ্যায়ত নিয়মিত পেঞ্চন লাভ কৰিব।উল্লেখ্য যে ১ এপ্ৰিলৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ইউনিফাইড পেঞ্চন আঁচনি বা ইউ পি এছ আৰম্ভ হ’ব।
জলসিঞ্চন বিভাগৰ সংলগ্ন বিষয়া-কৰ্মচাৰীলৈ পুনৰ জাননী। এসপ্তাহৰ ভিতৰত পূৰ্বৰ স্থানলৈ যাব লাগিব সংলগ্ন-বিষয়া কৰ্মচাৰী।ইয়াৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাৰি কৰিছিল এক নিৰ্দেশ। স্থান এৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে ৭ ফেব্ৰুৱাৰীৰ সময়সীমা নিৰ্ধাৰণ কৰিছিল সকলো বিভাগক।কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ কৰা নাছিল জলসিঞ্চন বিভাগৰ একাংশই কৰ্মচাৰীয়ে।এসপ্তাহৰ ভিতৰত স্থান এৰিব লাগিব সংলগ্ন বিষয়া-কৰ্মচাৰীয়ে। অৰ্থাৎ এসপ্তাহৰ ভিতৰত পূৰ্বে যোগদান কৰা স্থান পুনৰ যোগদান কৰিব লাগিব এইসকল কৰ্মচাৰীয়ে।
চৰকাৰী কৰ্মচাৰীৰ দুৰ্ঘটনাত মৃত্যু হ’লে পৰিয়ালে লাভ কৰিব ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্য, নিকটাত্মীয়ই পাব একেই দৰমহা। মুখ্যমন্ত্ৰীয়ে কয়, ‘১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ UPSলৈ নিয়া হ’ব নিযুক্তি লাভ কৰা শিক্ষক-শিক্ষয়িত্ৰীসকলক। ইয়াৰ ফলত ১০ বছৰ চাকৰি থকাসকলে এটা নিয়মিত পেঞ্চন লাভ কৰিব।’
শনিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত ৫৮গৰাকী সহকাৰী অধ্যাপকক নিযুক্তি-পত্ৰ প্ৰদান কৰে। একেটি অনুষ্ঠানতে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত ৪,৫২৯গৰাকী ঠিকাভিত্তিক শিক্ষককো স্থায়ী নিযুক্তি পত্ৰ প্ৰদান কৰা হয়
অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘এই নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছতাৰে সম্পন্ন হৈছে। আমাৰ ৰাজ্যত বিভিন্ন বিদ্যালয়ত অতিৰিক্ত শিক্ষক হিচাপে ৪৫২৯গৰাকী শিক্ষক-শিক্ষয়ত্ৰীয়ে নিজৰ দায়িত্ব পালন কৰি আহিছে। প্ৰথমে তেওঁলোকক ৮,০০০ টকাকৈ দৰমহা দিয়া হৈছিল।’‘২০১২ত ১৫,৫০০ টকালৈ তেওঁলোকৰ দৰমহা বৃদ্ধি কৰা হয়। ২০১৮ত ২০,০০০ টকালৈ দৰমহা বৃদ্ধি কৰা হয়। ২০২০ৰ ১ জুলাইত পুনৰ এবাৰ ৫,২৪৩গৰাকী অতিৰিক্ত শিক্ষকক ৰাজ্য চৰকাৰে নিয়মীয়া শিক্ষকৰ সমৰূপ দিবলৈ চেষ্টা কৰে।’
আজিৰ নিয়মীয়াকৰণৰ পাছত শিক্ষক-শিক্ষয়িত্ৰীসকলে চৰকাৰী সুবিধা লাভ কৰিব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ UPSলৈ নিয়া হ’ব নিযুক্তি লাভ কৰা শিক্ষক-শিক্ষয়িত্ৰীসকলক। ইয়াৰ ফলত ১০ বছৰ চাকৰি থকাসকলে এটা নিয়মিত পেঞ্চন লাভ কৰিব। ২৫ বছৰ চাকৰি থকাসকলে আন পৰ্যায়ত নিয়মিত পেঞ্চন লাভ কৰিব।’
একেদৰে, মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰী কৰ্মচাৰী দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হ’লে পৰিয়ালে লাভ কৰিবলগীয়া সুবিধা সন্দৰ্ভত কৰে এটা গুৰুত্বপূৰ্ণ মন্তব্য। তেওঁ কয়, ‘চৰকাৰী চাকৰি লাভ কৰা কোনো কৰ্মচাৰীয়ে দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হ’লে তেওঁৰ পৰিয়ালে ১ কোটি টকাৰ সাহায্য লাভ কৰিব।’
লগতে, চৰকাৰী চাকৰি লাভ কৰা লোকৰ মৃত্যু হ’লে ৬০বছৰ পৰ্যন্ত পৰিয়ালৰ লোকে একেটা দৰমহা বেংক একাউণ্টযোগে লাভ কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘এজন চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হ’লে নিকট আত্মীয়ই ১০ লাখ টকাৰ জীৱন বীমাও লাভ কৰিব। একেদৰে, আপোন বাহন আৰু আপোন ঘৰ আঁচনিৰ লোণ ষ্টেট বেংকৰ পৰা লাভ কৰিব পাৰিব। এই আপোন ঘৰৰ লোণৰ পৰিমাণ ৩০ লাখ টকালৈ বৃদ্ধি কৰা হৈছে।’