অসমৰ ভিন্ন প্ৰান্তৰ আছাৰ বিষয়ববীয়াৰে উপচি পৰিল মাৰ্ঘেৰিটা ৷
আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(আছা) কেন্দ্রীয় সমিতি উদ্যোগত আৰু তিনিচকীয়া জিলা সমিতিৰ আতিথ্যত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয়।
আছা তিনিচুকীয়া জিলা সমিতিৰ সভাপতি আলবাট অড়েয়াই সভাপতিত্ব কৰা সভাত উপস্থিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সভাপতি- ৰেজান হৰ , সাধাৰণ সম্পাদক দেৱেন ঊৰাং, তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগ, ৰাষ্ট্ৰীয় ফুটবলাৰ নেলচন তাচা, সাংবাদিক সোনাৰাম কলিতা, সদৌ অসম ছাত্ৰ সন্থা(আছু) ৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি অভিশেখ বৰুৱা আছু তিনিচুকীয়া জিলা সাহিত্য সম্পাদক ৰূপম বৰুৱাসহ আদিবাসী জনগোষ্ঠীয় বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি।
উক্ত সভাতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(আছা) কেন্দ্রীয় সমিতিৰ উদ্যোগত আৰু তিনিচুকীয়া জিলা সমিতিৰ সৌজন্যত আৰু তিনিচুকীয়াবাসী সহযোগত অহা ২০২৬ চনত লিডু বৰগোলাই বাঁহবাৰী খেল পথাৰত ৪ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগীয়া “২১ সংখ্যক আদিবাসী মহাসভা’ৰ উদযাপন সমিতি গঠন কৰা হয়।
“২১তম আদিবাসী মহাসভা” – – সভাপতিৰূপে হয় ৰাণাজ্যোতি নেওগ আৰু কাৰ্যকৰী সভাপতিৰূপে এলাবাৰ্ট অৰেয়া তথা যুটীয়া সম্পাদক হিচাপে কল্যাণ চেতিয়াৰ নামটো বাচনি কৰিলৈ এখন শক্তিশালী উদ্যাপন সমিতি গঠন কৰা হয়।
মাৰ্ঘেৰিটাৰ চেগুনবাৰী স্থিত মাৰোৱাৰী বিবাহ ভৱনত অনুষ্ঠিত উদযাপন সমিতি গঠন অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ জিলা সমিতিৰ সভাপতি সম্পাদককে প্ৰমুখ্যে বহু সংখ্যক বিষয়ববীয়াৰ লগতে বহু স্থানীয় আদিবাসী ৰাইজ উপস্থিত থাকে।
