Tuesday, July 8, 2025
Homeৰাষ্ট্ৰীয়মধ্য প্ৰদেশত বাছ দুৰ্ঘটনা, ২২ জন লোকৰ মৃত্যু

মধ্য প্ৰদেশত বাছ দুৰ্ঘটনা, ২২ জন লোকৰ মৃত্যু

ডিজিটেল ডেস্ক, ANEWS24X7: মধ্যপ্ৰদেশৰ খাৰগণত ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত ২২ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হয়।

৫০ জনীয়া যাত্ৰীৰ বাছখন ইন্দোৰ অভিমুখে গৈ থকা অৱস্থাত খাৰগোণৰ দাসংগা গাঁৱৰ এখন দলঙৰ পৰা বাগৰি পৰে। স্থানীয় গাঁৱৰ লোকৰ সহায়ত জৰুৰীকালীন সেৱাই উদ্ধাৰ অভিযানত চলায়।

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে দুৰ্ঘটনাত নিহত হোৱা পৰিয়ালক ৪ লাখ আৰু ‘গুৰুতৰভাৱে’ আহত হোৱা লোকক ৫০ হাজাৰ ₹ আৰু সামান্য আঘাতপ্ৰাপ্ত লোকক ২৫ হাজাৰ ₹কৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে। আহতসকলৰ চিকিৎসাৰ খৰচো মুখ্যমন্ত্ৰী চৌহানৰ চৰকাৰে বহন কৰিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাৰ্যালয়ে আজি ঘোষণা কৰে যে মৃত্যু হোৱা লোকৰ পৰিয়ালক ২ লাখ টকাকৈ ক্ষতিপূৰণ দিয়া হ’ব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments