Thursday, November 7, 2024
Homeঅসমমাত্ৰ ২২ বছৰ বয়সতে এয়া কেনেকৈ সম্ভৱ?

মাত্ৰ ২২ বছৰ বয়সতে এয়া কেনেকৈ সম্ভৱ?

ডিজিটেল ডেস্ক, ৩ছেপ্তেম্বৰ:  নাম বিশাল ফুকন। আকাশৰ দৰে মনটোও বিশাল তাৰ। হাইচেকেণ্ডেৰী ফেইল। কিন্তু বিশাল ২২ বছৰ বয়সতে ২ হাজাৰ কোটি টকাৰ মালিক। ক’ত বিশাল ফুকনে বিচাৰি পাইছিল আলাদিনৰ আচৰিত চাকি?

অন লাইন ট্ৰেডীংৰ বেপাৰ খুলি মানুহক দুমাহত ধন গুণ কৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে জাল মেলি অৱশেষত ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিল।হাইছেকেণ্ডাৰী ফেইল লৰাটোৰ ট্ৰেডীংত অসমৰ বহু নামী দামী অভিনেতা,চিকিৎস,প্ৰতিষ্ঠিত ব্যৱসায়ীয়ে কৰিছিল বিনিয়োগ।এগৰাকী বহু চৰ্চিত তথাকথিত কৰিঅ’গ্ৰাফাৰ,তথা অভিনেত্ৰীও জড়িত বিশাল ফুকনৰ এই নেক্সাছত। ষ্টক মাৰ্কেটত বিনিয়োগৰ নামত শ শ কোটি টকা লুণ্ঠনৰ অভিযোগত আটক হ’ল বিশাল ফুকন। ডিব্ৰুগড়ৰ প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ পৰা ধনকুবেৰ বিশাল ফুকনক আটক কৰে ডিব্ৰুগড় আৰক্ষীয়ে।

বিশালৰ এপাৰ্টমেণ্টত ৪ ঘণ্টাজোৰা তালাচীৰ অন্তত ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰে বিশালক। ৪০০০ কোটি টকা লুটি দীপাংকৰ বৰ্মন নামৰ মহাপ্ৰৱঞ্চকটোৱে পলায়ন কৰাৰ পিছত চৰ্চালৈ আহিছিল বিশাল ফুকনৰ নাম। ফেচবুক আৰু ইনষ্টাগ্ৰামত স্পষ্টীকৰণ দি লুণ্ঠনৰ অভিযোগ নস্যাৎ কৰিছিল বিশাল ফুকনে। কিন্তু তেওঁৰ স্পষ্টীকৰণতো নিয়ম ভংগ কৰাৰ কথা স্পষ্ট হৈছিল। লুণ্ঠনৰ জাল মেলা এই লোকসকলে আইনগতভাৱে এনেদৰে ধন সংগ্ৰহ আৰু বিনিয়োগ কৰিব নোৱাৰে।

 গ্ৰাহকক কম দিনতে ধনী হোৱাৰ সপোন দেখুৱাইছিল বিশালে

বছৰ বয়সতে তিনিটা কোম্পানীৰ মালিক বিশাল ফুকন

মন গ’লেই স্কাই ডাইভ কৰিবলৈ ডুবাইলৈ যায় বিশাল

মন গ’লেই বিশালে ক্ৰয় কৰে লাখ লাখ টকীয়া বিলাসী বাহন

মডেলিং কৰে, মিউজিক ভিডিঅ’ বনাই ছচিয়েল মিডিয়াৰ পেজ ৰঙীন কৰি ৰাখে বিশালে। গীত গোৱাত বিশালৰ আছিল আগ্ৰহ। বিলাসী জীৱন কটোৱা বিশালে কণ্ঠ নিগৰাইছিল গীততো। মুঠৰ ওপৰত যি মন যায় তাকেই কৰিছিল বিশাল ফুকনে। কাৰণ হাতত আছিল কোটি কোটি টকা। কিন্তু মাত্ৰ ২২ বছৰ বয়সতে এয়া কেনেকৈ সম্ভৱ? সকলোৰে মনত প্ৰশ্ন জাগিছিল, ক’ত বিশাল ফুকনে বিচাৰি পাইছিল ‘আলাদিনৰ আচৰিত চাকি’? আৰক্ষীৰ তদন্তত হয়তো ওলাব বিশালৰ ‘বিশাল’ সম্পত্তিৰ ৰহস্য!

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments