ডিজিটেল ডেস্ক, ANEWS24X7: ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ যুৱ প্ৰতিভা ৰাষ্ট্ৰীয় বঁটা ঘোষণা ৷ উত্তৰ-পূব সাংস্কৃতিক কেন্দ্ৰই প্ৰদান কৰিব এই বঁটা ৷
সত্ৰীয়া নৃত্যত অসমৰ দুই গৰাকী নৃত্যশিল্পীয়ে লাভ কৰিছে ২০২২-২৩ বৰ্ষৰ যুৱ প্ৰতিভা ৰাষ্ট্ৰীয় বঁটা ৷ অসমৰ নূপুৰ তালুকদাৰ আৰু শিৱাংগী ৰত্না বৰুৱালৈ আগবঢ়োৱা হৈছে এই বঁটা ৷
ইয়াৰ ওপৰিও পৰম্পৰাগত বাদ্য খেলত এই বঁটা লাভ কৰিছে অৰিঞ্জিতা বৰাই , চিত্ৰশিল্পত নিশান্ত মল্ল বুজৰবৰুৱাই , লোকসংগীতত হীৰকজ্যোতি শৰ্মাই ৷মূকাভিনয়ত ৰোচন হক আৰু মীনাংক ডেকাই , বাঁহশিল্পত দীপজ্যোতি বৰাই লাভ কৰিছে ৷২০২২-২৩ বৰ্ষত উত্তৰ পূব ভাৰতৰ ২৪ গৰাকী যুৱ শিল্পীলৈ আগবঢ়োৱা হৈছে এই বঁটা ৷