ডিজিটেল ডেস্ক, ANEWS24X7: নিষ্ক্ৰিয় ঘোষণা কৰা হৈছে দেশৰ কেইবাটাও ৰাজনৈতিক সংগঠনক ৷ দেশৰ নিৰ্বাচন আয়োগে মুঠ ২৫৩ টা পঞ্জীয়নভুক্ত ৰাজনৈতিক দলক নিষ্ক্ৰিয় ঘোষণা কৰিছে ৷ পঞ্জীয়নভুক্ত অস্বীকৃত ৰাজনৈতিক দলসমূহক যথাযথ বিধি ব্যৱস্থা কৰিবলৈ চলিত বৰ্ষৰ ২২ মে তাৰিখে নিৰ্বাচন আয়োগে নিৰ্দেশনা জাৰি কৰিছিল ৷
এই নিৰ্দেশনাৰ আধাৰতে নিৰ্বাচন আয়োগে নিষ্ক্ৰিয় ঘোষণা কৰে ৷ এই কথা সদৰী কৰে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ আৰু নিৰ্বাচন আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডেই ৷
নিৰ্বাচন আয়োগে ৮৬ টা অস্তিত্বহীন পঞ্জীয়নভুক্ত অস্বীকৃত ৰাজনৈতিক দলক নতুনকৈ তালিকাৰ পৰা বাদ দিয়ে আৰু অতিৰিক্ত ২৫৩ টা তেনে দলক ‘নিষ্ক্ৰিয় ‘ ঘোষণা কৰে । জনপ্ৰতিনিধিত্ব আইনৰ ধাৰা ২৯ ক-ৰ অধীনত প্ৰতিটো ৰাজনৈতিক দলে তাৎক্ষণিকভাবে নিৰ্বাচন আয়োগক দলৰ নাম, মুখ্য কাৰ্যালয়, কাৰ্য্যালয়ৰ ঠিকনা, পেন নম্বৰৰ যিকোনো পৰিৱৰ্তন আদি আয়োগক জনাব লাগিব ৷ দেশৰ সাতখন ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ পৰা পোৱা প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে দেশৰ মুখ্য নিৰ্বাচন আয়োগে ৷