ডিজিটেল ডেস্ক, ANEWS24X7: শেহতীয়াকৈ সামাজিক মাধ্যম হোৱাটছএপে এক দাঙি ধৰিছে এক বিশেষ তথ্য। কোম্পানীটোৱে জানিব দিয়া অনুসৰি ছেপ্টেম্বৰ মাহত সমগ্ৰ ভাৰতবৰ্ষত প্ৰায় ২৬.৮৫ লাখ একাউণ্ট নিষিদ্ধ কৰিছে।
এক প্ৰতিবেদনত অনুসৰি কোম্পানীটোৱে জিনিব দিয়ে যে ১ ছেপ্টেম্বৰ, ২০২২ ৰ পৰা ৩০ ছেপ্টেম্বৰ, ২০২২ ৰ ভিতৰত ২,৬৮৫,০০০ হোৱাটছএপ একাউণ্ট নিষিদ্ধ কৰিছে ।
কেনেদৰে নিষিদ্ধ কৰে হোৱাটছপ একাউণ্ট?
যদিহে বাৰে বাৰে স্পেম মেছেজ প্ৰেৰণ কৰাৰ অভিযোগ লাভ কৰে বা প্লেটফৰ্মে নিৰ্ধাৰণ কৰা চৰ্ত উলংঘা কৰা পৰিলক্ষিত হয় তেন্তে হোৱাটছএপে ব্যৱহাৰকাৰীক নিষিদ্ধ কৰে। গতিকে অজ্ঞাত যোগাযোগৰ স্পেম বা বাৰ্তা প্ৰেৰণৰ পৰা সদায় বিৰত থকাটো বাঞ্ছনীয়।
কেনেদৰে হোৱাটছএপ একাউণ্টটোৰ ৰিপৰ্ট দিব?
যদি আপুনিও হোৱাটছএপ একাউণ্টটোৰ ৰিপৰ্ট দিব বিচাৰে তেন্তে আপুনি আপোনাৰ অভিযোগ মেইলযোগে “wa@support.whatsapp.com” লৈ ড্ৰপ কৰিব পাৰে, আৰু একাউণ্টটোৰ সৈতে সমস্যাৰ কথা উল্লেখ কৰিব পাৰে। উল্লেখযোগ্য যে, আপুনি ব্যৱহাৰকাৰীক প্ৰতিবেদন দিয়াৰ কাৰণৰ প্ৰমাণ হিচাপে স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিব লাগিব। WhatsApp chat > Tap More options > More > Report খুলিও এটা একাউণ্ট ৰিপৰ্ট কৰিব পাৰে।