ডিজিটেল ডেস্ক, anews24x7: আজি সাংবাদিক পৰাগ কুমাৰ দাসৰ ২৭ সংখ্যক মৃত্যু বাৰ্ষিকী। ১৯৯৬ চনৰ ১৭ মে’ তাৰিখে আততায়ীৰ হাতত প্ৰাণ হেৰুৱাইছিল এইগৰাকী নিৰ্ভীক-নিৰপেক্ষ সাংবাদিকে। আজি ২৭ সংখ্যক মৃত্যু বাৰ্ষিকীত সাংবাদিক গৰাকীক সোঁৱৰিছে ৰাজ্যবাসীয়ে।
১৯৬১ চনৰ ২৪ ফেব্ৰুৱাৰীত জন্ম গ্ৰহণ কৰা পৰাগ কুমাৰ দাসক ১৯৯৬ চনৰ ১৭ মে’ত গুৱাহাটীত দিনৰ পোহৰত হত্যা কৰা হৈছিল। তেওঁ সেই সময়ত দৈনিক অসমীয়া প্ৰতিদিনৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।
পৰাগ কুমাৰ দাস তেওঁৰ নিৰ্ভীক আৰু সৎ সাংবাদিকতাৰ বাবে জনাজাত আছিল। কিন্তু কিহৰ বাবে হত্যা কৰা হল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত । ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰাগ কুমাৰ দাসৰ প্ৰতিমূৰ্তিত মাল্যপৰ্ণ আৰু বন্তি প্ৰজ্বলন কৰা হয় ৷ জাতিৰ পক্ষে আত্মবলিদান দিয়া সাংবাদিকগৰাকীৰ মৃত্যুৰ দিনটোত সকলোৱে শ্মৰণ কৰে ৷