Monday, July 7, 2025
Homeৰাষ্ট্ৰীয়২০ দেশৰ ২৮৬ গৰাকী কিশোৰীক যৌন নির্যাতন, ১৭ বছৰৰ কাৰাদণ্ড বিহিলে যুৱকক

২০ দেশৰ ২৮৬ গৰাকী কিশোৰীক যৌন নির্যাতন, ১৭ বছৰৰ কাৰাদণ্ড বিহিলে যুৱকক

 

গুৱাহাটী, ৬ ছেপ্টেম্বৰঃ আজিৰ দিনত ইউটিবাৰৰ সংখ্যা গণিবলৈ হ’লে এটা শিলগুটি মাৰি পঠিয়ালে এগৰাকী ইউটিবাৰৰ হাতত পৰিব। এজন ইউটিবাৰৰ কাহিনী শুনিলে হতবাক হ’ব আপুনিও। ইউটিবাৰজনৰ নাম মুহাম্মদ জয়ন উল আবিদিন ৰছিদ। তেওঁ এজন ইউটিউবাৰ। বিশ্বৰ ২০ খন দেশৰ শতাধিক কিশোৰীকে অনলাইনৰ মাধ্যমেৰে কেমেৰাৰ জৰিয়তে যৌনকর্ম কৰিবলৈ ব্লেকমেইল কৰিছিল তেওঁ। এই অভিযোগৰ ভিত্তিত তেওঁক অষ্ট্ৰেলীয়াৰ এখন আদালতে ১৭ বছৰৰ কাৰাদণ্ড বিহিছে।

বাতৰি প্ৰকাশ অনুসৰি, যুক্তৰাজ্য, মার্কিন যুক্তৰাষ্ট্র, জাপান আৰু ফ্রান্সসহ ২০খন দেশৰ ২৮৬ জনৰ ১১৯টা অভিযোগৰ ভিত্তিত দোষী সাব্যস্ত হৈছে ২৯ বছৰীয়া ৰছিদ। লম্পত ৰছিদৰ চিকাৰ দুই-তৃতীয়াংশৰ বয়স আছিল ১৬ বছৰতকৈয়ো কম। ২৯ বছৰ বয়সীয়া ৰাছিদে অনলাইনত কিশোৰীসকলৰ সৈতে বন্ধুত্ব গঢ়াৰ বাবে নিজকে এজন ইউটিউবাৰ হিচাপে জাহিৰ কৰিছিল। বন্ধুত্ব হৈ যোৱাৰ পাছত তেওঁ যুৱতীসকললৈ পঠিয়ায় ২০টাকৈ প্রশ্ন। যুৱতীসকলক নিজৰ চিকাৰৰ বলি হৈ এটা পৰ্যায়ত ধুৰন্ধৰ ৰছিদে এনে প্ৰশ্নও কৰিছিল যে, ‘তোমাৰ জীৱনৰ সৰ্বোচ্ছ ৰহস্য কি… ভুক্তভোগী যুৱতীয়ে ধুৰন্ধৰ ৰছিদৰ মৰমসনা কথাত ভোল গৈ সকলো ৰহস্য অনলাইনযোগে পঠিয়াই দিয়ে। আৰু তাৰ পাছত আৰম্ভ হয় ব্লেকমেইল।

ফলশ্ৰুতিত উত্তৰত যদি ইতিবাচক সঁহাৰি আহে তেন্তে সকলো ঠিকে থাকে। অন্যথা যুৱতীসকলে প্ৰেৰণ কৰা সকলো গোপন ছবি যেনে নগ্ন ফটো তথা নগ্ন ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল কৰাৰ ভাবুকি দিয়ে। এই সন্দৰ্ভত এগৰাকী যুৱতীৰ গোচৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিলে অষ্ট্ৰেলীয়াৰৰ ছিডনীৰ স্থানীয় আৰক্ষীয়ে গোছৰ ৰুজু কৰি দণ্ডবিধি আইনৰ অধীনত দোষী সাব্যস্থ কৰি ৰছিদক ১৭ বছৰৰ কাৰাদণ্ড বিহে। আদালতৰ মন্তব্য, ‘ইতিহাসত এয়াই চাগে আটৈইতকৈ জঘন্য যৌন নির্যাতনৰ ঘটনা।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments