গুৱাহাটী, ১২ ডিচেম্বৰ : ২৯ সংখ্যক ‘কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ৰ ভাৰতীয় তথ্যচিত্ৰৰ প্ৰতিযোগিতা শাখাত শ্ৰেষ্ঠ তথ্যচিত্ৰ হিচাপে আজি পুৰস্কৃত কৰা হয় অসমৰ তথ্যচিত্ৰ ‘চেলেঞ্জ’ক । যোৱা ৫ ডিচেম্বৰৰ পৰা কলকাতাত আৰম্ভ হোৱা ২৯ সংখ্যক ‘কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ৰ আজি সামৰণিৰ দিনা বিভিন্ন শাখাত বিজয়ীসকলক বঁটা প্ৰদান কৰা হয় ।
‘চেলেঞ্জ’লৈ শ্ৰেষ্ঠ তথ্যচিত্ৰ হিচাপে ‘গ’ল্ডেন ৰয়েল বেংগল টাইগাৰ এৱাৰ্ড’ প্ৰদান কৰা হয় । ট্ৰফী, নগদ ধনৰ লগতে চাৰ্টিফিকেট আগবঢ়োৱা হয় বিজয়ীসকলক । ‘চেলেঞ্জ’ৰ পৰিচালনা ৰমেন বৰা আৰু শিৱাণু বৰাৰ । ‘কামৰূপা ক্ৰিয়েছনচ’ৰ বেনাৰত নিৰ্মিত এই তথ্যচিত্ৰখন প্ৰযোজনা কৰিছে ভৰত কলিতাই । তথ্যচিত্ৰখনৰ চিত্ৰগ্ৰহণ কৰিছে হিতেন ঠাকুৰীয়াই । চিত্ৰনাট্য পূৰ্বাণী গোস্বামীৰ । ছবিখনৰ ছাউণ্ড ডিজাইন কৰিছে দেৱজিত চাংমাই আৰু অমৃত প্ৰীতমে ।
সম্পাদনা ৰমেন বৰাৰ । ডি আই কালাৰ ৰতন শীলৰ । তথ্যচিত্ৰখনৰ ধাৰাভাষ্য দিছে জীতেন্দ্ৰ ৰামপ্ৰকাশে । এগৰাকী চিত্ৰশিল্পী হিচাপে তথ্যচিত্ৰখনৰ বিশেষ কিছু মুহূৰ্ত অলংকৃত কৰিছে ৰবীন বাৰে । বিশেষভাবে সক্ষম এগৰাকী যুৱতীৰ জীৱন সংগ্ৰামৰ কাহিনীৰ লগতে এনেবোৰ সন্তানৰ জীৱন গঢ়াৰ ক্ষেত্ৰত মাতৃসকলৰ যি প্ৰত্যাহ্বানমূলক ভুমিকা জড়িত হৈ থাকে সেই বিষয়ক লৈ নিৰ্মাণ কৰা হৈছে ৩৮ মিণিট দৈৰ্ঘ্যৰ তথ্যচিত্ৰ ‘চেলেঞ্জ’ । পশ্চিমবংগ চৰকাৰৰ তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা আয়োজিত এই মহোৎসৱত ভাৰতীয় প্ৰীমিয়াৰ হিচাপেও প্ৰদৰ্শিত হ’য় ‘চেলেঞ্জ’ ।
