Wednesday, July 9, 2025
Homeআন্তঃৰাষ্ট্ৰীয়৩০ মিনিটত আফগানিস্তানত ৩টা শক্তিশালী ভূমিকম্প

৩০ মিনিটত আফগানিস্তানত ৩টা শক্তিশালী ভূমিকম্প

ডিজিটেল ডেস্ক, ৭অক্টোবৰ: আফগানিস্তানৰ পশ্চিম অংশত শনিবাৰে আধা ঘণ্টাৰ ভিতৰতে তিনিটাকৈ শক্তিশালী ভূমিকম্প।

শেহতীয়া ৬.২ প্ৰাবল্যৰ ভূমিকম্পৰ পূৰ্বে নিশা ১২:১৯ বজাত ৫.৬ আৰু নিশা ১২:১১ বজাত ৬.১ ৰ প্ৰাৱল্যৰ ভূমিকম্পৰ পিছত নিশা ১২:৪২ বজাত সংঘটিত হয়।

ভূমিকম্পৰ কেন্দ্ৰবিন্দু হেৰাট চহৰৰ পৰা ৪০ কিলোমিটাৰ উত্তৰ-পশ্চিমে চিনাক্ত কৰা হৈছে। মঙলবাৰে চাৰিটা ভূমিকম্পই দ্ৰুতগতিত একেৰাহে নেপালক জোকাৰি গৈছিল। দিল্লী-এনচিআৰকে ধৰি উত্তৰ ভাৰতৰ বহু ঠাইত ইয়াৰ কম্পন অনুভৱ কৰা হৈছিল।

উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ পৰা ২৮৪ কিলোমিটাৰ উত্তৰত অৱস্থিত পশ্চিম নেপালৰ দিপায়ল জিলাত এই ভয়াৱহ ভূমিকম্পৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হৈছে।

ইয়াৰ পূৰ্বে ৪ ছেপ্টেম্বৰত আফগানিস্তানৰ ফায়জাবাদত ৪.৪ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল। ২৮ আগষ্টত আন এক ৪.৮ প্ৰাবল্যৰ ভূমিকম্পও দেশৰ কিছু অংশত আঘাত হানিছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments