Monday, July 7, 2025
Homeঅসমকেবিনেটৰ ৩১টা বৃহৎ সিদ্ধান্ত

কেবিনেটৰ ৩১টা বৃহৎ সিদ্ধান্ত

ডিজিটেল ডেস্ক, anews24x7: জনতা ভৱনত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বিমল বৰা । উচ্চতৰ মাধ্যমিক উত্তীৰ্ণই লাভ কৰিব স্কুটী । ইপিনে নৱম শ্ৰেণী উত্তীৰ্ণই লাভ কৰিব চাইকেল। ইয়াৰ লগতে কেইবাটাও ডাঙৰ ঘোষণা কৰে ।

চৰকাৰৰ পৰা উপহাৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকললৈ । উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ মেধাৱী ছাত্ৰ-ছাত্ৰীসকললৈ সু খবৰ । উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৬০ শতাংশ বা তাতকৈ বেছি পোৱা ছাত্ৰীক, ৭৫ শতাংশকৈ বেছি পোৱা ছাত্ৰক দিব স্কুটি ।

ইয়াৰোপৰি আন এক সুখবৰ ৬ জনগোষ্ঠীৰ বাবে । কৃষি বিশ্ববিদ্যালয়ত আসন ৬ জনগোষ্ঠীৰ বাবে সংৰক্ষণ কৰাৰ সিদ্ধান্ত । এতিয়াৰে পৰা চাহ জনগোষ্ঠীৰ বাবে ৮খন, মৰাণসকলৰ ৩খন, মটক ৪খন, কোচ ৰাজবংশীৰ বাবে ৬খন, টাই আহোম ৪খন, চুতীয়া জনগোষ্ঠীৰ বাবে ৪খন আসন সংৰক্ষণ । আনহাতে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত আন এক ঘোষণা কৰে যে ৪ লাখ টকাৰ তলত উপাৰ্জন কৰা লোকে NFSAৰ অধীনত পাব বিনামূলীয়া চাউল লগতে বিনামূলীয়াকৈ পাব চিকিৎসাও ।

৪০ লাখ নতুন মানুহ এই আঁচনিত সংযোজিত হ’ব । পূৰ্বে বছৰি এই সুবিধা পাইছিল ২.৫ লাখ টকা উপাৰ্জন কৰা পৰিয়ালে । বিদ্যালয় পৰিচালনা সমিতিৰ ক্ষেত্ৰতো নতুন নিয়ম। বিদ্যালয় পৰিচালনা সমিতিত থাকিব এজন নিৰ্বাচিত সদস্য। এগৰাকী শিক্ষক আৰু দুজন প্ৰাক্তন ছাত্ৰও থাকিব এই সমিতিত।

আনহাতে ৰাজ্যৰ চাহ বাগিচাৰ বিদ্যালয়সমূহৰ মানদণ্ড উন্নত কৰাৰ বাবে কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। চাহ জনগোষ্ঠীৰ ১১০০ শিক্ষকক দিয়া হ’ব চাহ এলেকাধীন স্কুলত নিযুক্তি। ইয়াৰ লগতে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হ’ব নতুনকৈ ৭ লাখ লোক। ১০ছেপ্তেম্বৰৰ পৰা ১২৫০ টকা পাব অৰুণোদয় হিতাধীকাৰী‌য়ে । কেবিনেট বৈঠকৰ অন্তত সংবাদমেলত এই ঘোষণা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments