Tuesday, July 8, 2025
Homeঅসমমুকলি হ’ল দ্বিতীয়খন মাধৱদেৱ কলাক্ষেত্ৰ

মুকলি হ’ল দ্বিতীয়খন মাধৱদেৱ কলাক্ষেত্ৰ

ডিজিটেল ডেস্ক, ANEWS24X7: মুকলি হ’ল নাৰায়ণপুৰৰ মাধৱদেৱ কলাক্ষেত্ৰ। ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে কলাক্ষেত্ৰখন। মুখ্যমন্ত্ৰীৰ উপস্থিতিত নাৰায়ণপুৰবাসীৰ মাজত উছাহৰ ধল। বহু প্ৰকল্পৰ শিলান্যাস কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই।

ভকত-বৈষ্ণৱসকলৰ সৈতে বিশাল সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ। ঢোলে-ডগৰে ৰজনজনালে নাৰায়ণপুৰ কলাক্ষেত্ৰৰ স্থলী। নাচনীৰ লগত চেলফিও ল’লে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই। 

২০০৭ত কংগ্ৰেছ আমোলতে আৰম্ভ হৈছিল মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণৰ কাম। ৪৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈছে কলাক্ষেত্ৰ। প্ৰায় ৪৫ বিঘা মাটিত নিৰ্মাণ মাধৱদেৱ কলাক্ষেত্ৰ।

উল্লেখ্য যে, কলাক্ষেত্ৰৰ ভূমিদাতা হ’ল শ্ৰীশ্ৰী বদলা পদ্মআতা সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ শ্ৰীকান্ত দেৱগোস্বামী। ১৬ বছৰৰ মূৰত নিৰ্মাণ হৈ উঠিছে কলাক্ষেত্ৰ। মাধৱদেৱ কলাক্ষেত্ৰ উদ্বোধনৰ বাবে ৰাইজৰ মাজত ব্যাপক উছাহ। দুটা বৰ্ষত কৰা উন্নয়নৰ পৰিকল্পনাৰ এশ শতাংশ সম্পূৰ্ণ হোৱা বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments