Tuesday, July 8, 2025
Homeৰাষ্ট্ৰীয়গুজৰাটৰ উপকুলৰ পৰা পাকিস্তানি নাগৰিক সহ ৪০ কেজি হেৰ'ইন জব্দ

গুজৰাটৰ উপকুলৰ পৰা পাকিস্তানি নাগৰিক সহ ৪০ কেজি হেৰ’ইন জব্দ

ডিজিটেল ডেস্ক ANEWS24X7: ভাৰতীয় উপকুলৰক্ষী বাহিনী আৰু গুজৰাট এটিএছৰ যুটীয়া দলে বুধবাৰে গুজৰাট উপকুলৰ পৰা জব্দ কৰে হেৰোইন ভৰ্তি এখন পাকিস্তানী নাও ৷

‘আল তায়াচা’ নামৰ এখন মাছ ধৰা নাওখনৰ পৰা উদ্ধাৰ কৰে ৪০ কেজি হেৰোইন ৷ জব্দকৃত হেৰোইন খনিৰ মূল্য প্ৰায় ২০০ কোটি টকা ৷ নাওখন অৰৱ সাগৰত ভাৰতীয় জলসীমা পাৰ হৈ প্ৰায় ছয় মাইল ভিতৰলৈ প্ৰৱেশ কৰিছিল ৷

বিতং অনুসন্ধানৰ বাবে নাওখন গুজৰাটৰ জাখাউ বন্দৰলৈ অনা হৈছে ৷ হেৰোইন খিনিৰ লগতে আৰক্ষীয়ে নাওখনৰ পৰা আটক কৰে ছয়জন পাকিস্তানী নাগৰিকক ৷

সম্প্ৰতি ভাৰতীয় উপকুলৰক্ষী বাহিনী আৰু গুজৰাট এটিএছে তদন্ত অব্যাহত ৰাখিছে ৷ উপকূলৰক্ষী বাহিনীয়ে এই সন্দৰ্ভত কয় যে , ‘‘পাকিস্তানৰ পৰা অহা নাওখনে গুজৰাটৰ এটা বন্দৰত হেৰোইন খিনি পেলাই উভতি অহাৰ পৰিকল্পনা কৰিছিল। ইয়াৰ পিছত হেৰোইন খনি গুজৰাটৰ পথেৰে পাঞ্জাৱলৈ যোৱাৰ পৰিকল্পনা কৰা হৈছিল ।’’ এই ঘটনাৰ লগত এক বৃহৎ চক্ৰ জৰিত থকাৰ সন্দেহ কৰিছে উপকুল আৰক্ষীয়ে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments