Tuesday, July 8, 2025
Homeআন্তঃৰাষ্ট্ৰীয়পুনৰ অশান্ত আফগানিস্তান , নৰ্ডান এলায়েঞ্চৰ ৪০ জন যুদ্ধা নিহত

পুনৰ অশান্ত আফগানিস্তান , নৰ্ডান এলায়েঞ্চৰ ৪০ জন যুদ্ধা নিহত

ডিজিটেল ডেস্ক, ANEWS24X7: পুনৰ উত্তপ্ত হৈছে আফগানিস্তানৰ পৰিৱেশ ৷ এবছৰৰ পিছত পুনৰ যুদ্ধ আৰম্ভ হৈছে আফগানিস্তানৰ পঞ্জশিৰ অঞ্চলত ৷ বুধবাৰৰ পৰা উত্তৰ-পশ্চিম আফগান অঞ্চলত পুনৰ তালিবান বাহিনী আৰু নেচনেল ৰেজিষ্টেন্স ফ্ৰন্টৰ যুঁজাৰু সকলৰ মাজত যুদ্ধ আৰম্ভ হয় ৷

তালিবানে দাবী কৰিছে যে এই সংঘৰ্ষৰ ফলত নৰ্দাৰ্ণ এলায়েঞ্চৰ ৪০ জন যুদ্ধা নিহত হয় ৷ এক চৰকাৰী বিবৃতিত কোৱা হয় যে , ৰেকা , ডেৰা আৰু আফছাৰ অঞ্চলত চলোৱা অভিযানত নৰ্দাৰ্ণ এলায়েঞ্চৰ যুঁজাৰু সকল নিহত হৈছিল ৷

উল্লেখ্য যে , তালিবানে আফগাস্তান দখল কৰাৰ পিছত আফগানিস্তানৰ উপৰাষ্ট্ৰপতি আমৰুল্লাহ চালেহে পঞ্চশিৰ অঞ্চলত নৰ্দাৰ্ণ এলায়েঞ্চৰ নেতা আহমদ মাছুদৰ সৈতে মিলি তাললিবানৰ বিৰুদ্ধে যুজ দি আহিছিল ৷ অবশ্যে কেইমাহ মান যুদ্ধৰ অন্তত নৰ্দাৰ্ণ এলায়েঞ্চৰ অভেদ্য দূৰ্গ পঞ্জশিৰ তলিবানৰ দখললৈ যায় ৷ স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি সীমান্তৰ সিপাৰে তাজিকিস্তানত আশ্ৰয় লৈ আছে আফগানিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানিৰ চৰকাৰৰ উপ-ৰাষ্ট্ৰপতি আমৰুল্লাহ চালেহে ৷ বৰ্তমানেও পাঞ্জশিৰ উপত্যকাত মাছুদৰ প্ৰতি অনুগত প্ৰকাশ কৰা হাজাৰ হাজাৰ তাজিক মিলিছিয়া যোদ্ধা আছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments