ডিজিটেল ডেস্ক, ANEWS24X7: মণিপুৰত অস্ত্ৰ সম্বৰণ ইউ জি বিদ্ৰোহী গোটৰ ৪৩ গৰাকী কেডাৰৰ । শনিবাৰে মণিপুৰৰ ইম্ফলৰ ১ নং এম আৰ বেনকেট হলত অনুষ্ঠিত এক অনুষ্ঠানত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেণ সিঙৰ ওচৰত অস্ত্ৰ সম্বৰণ কৰে ইউ জি বিদ্ৰোহী গোটৰ সদস্য সকলে । ইউ জি গোটৰ ৪৩ গৰাকী সদস্যই আজি মুখ্যমন্ত্ৰীৰ এন বিৰেণ সিঙৰ ওচৰত অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ উভতি আহে ।
মূলসুঁতিলৈ উভতি অহা ৪৩ জন বিদ্ৰোহী সদস্যৰ ভিতৰত আছে ১৩ জন কে ৱাই কেএল , ৫ জন পিএলএ আৰপিএফ , ৫জন কেচিপি (এন) , ১১ জন কেচিপি( পিডব্লিউজি) , ৫জন ইউ এনএলএফ , ১ জন প্ৰেপাক ,২ জন প্ৰেপাক (পিআৰঅ’) , ১ জন এনএছচিএন (ইউ) গোটৰ সদস্য ।
অস্ত্ৰ সম্বৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী এন বিৰেণ সিঙৰ ওচৰত ১৩ টা পিষ্টল , ১৭ টা হেণ্ড গ্ৰেণেড , ৫ টা হেণ্ডহেল্ড চেট , এটা কেনউড চেট , ৯ টা পিইকে , ৫ টা আইইডি আৰু ২০৯ টা বিভিন্ন ধৰণৰ গুলীসহ , ১৯ টা অস্ত্ৰ প্ৰদান কৰি আত্ম সমৰ্পন কৰে ।