ডিজিটেল ডেস্ক ANEWS24X7: ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন । প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনটোত মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰি দিয়া হ’ব ৮ টা চিতা বাঘ । নামিবিয়াৰ হাবিৰ পৰা এখন বিশেষ জাম্বো জেট বিমানেৰে ভাৰতলৈ অনা হ’ব বাঘ কেইটা ।এই ৮টা চিতা ভিতৰত আছে ৩টা মতা আৰু ৫টা মাইকী চিতা ।
চিতা বাঘ কেইটা ভাৰতলৈ অনাৰ বাবদ খৰচ পৰিব ৯১ কোটি টকা । ইতিমধ্যে চিতা বাঘ কেইটা আনিবৰ বাবে নাম্বিয়াত উপস্থিত হৈছে বিশেষ ভাবে সু-সজ্জিত এখন বয়িং বিমান । বৃহস্পতিবাৰে নামবিয়াৰ পৰা অনা হ’ব চিতা কেইটা ৷
উল্লেখ্য যে ১৯৫২ চনত ভাৰত চৰকাৰে চিতা বাঘক দেশত বিলুপ্ত প্ৰাণী হিচাপে ঘোষণা কৰিছিল । চিতা বাঘক পুনৰ সংস্থাপন কৰিবলৈ ১৯৭০ চনৰ পৰা ভাৰত চৰকাৰে প্ৰচেষ্টা আৰম্ভ কৰিছিল । অৱশেষত চলিত বৰ্ষৰ ২০ জুলাইত নামিবিয়াৰ সৈতে এক চুক্তি স্বাক্ষৰিত হয় । উক্ত চুক্তিৰ অধিনতে এই ৮ টা চিতা বাঘ ভাৰতলৈ অনা হ’ব ।