ডিজিটেল ডেস্ক, ANEWS24X7: সমাগত মাঘৰ বিহু আৰু মকৰ সংক্ৰান্তি ৷ অহা শনিবাৰে মকৰ সংক্ৰান্তি ৷ সেই দিনা গ্ৰহৰ ৰজা সূৰ্যই নিজৰ স্থান পৰিবৰ্তন কৰিব ৷ গ্ৰহৰ ৰজা সূৰ্যই প্ৰৱেশ কৰিব মকৰ ৰাশিত ৷ ইতিমধ্যে মকৰ ৰাশিত অৱস্থান কৰি আছে শনি গ্ৰহ ৷ এই দুই গ্ৰহৰ মিলনৰ ফলত ৫ টা ৰাশিৰ জাতক-জাতিকাই লাভ কৰিব সুফল ৷ গ্ৰহৰ ৰজা সূৰ্যৰ পৰিবহনৰ ফলত এই পাঁচটা ৰাশিৰ লোকসকলৰ জীৱনত এক ডাঙৰ পৰিৱৰ্তন হ’ব ৷
জানো আহক কোন কোন ৰাশিৰ লোক সকল লাভাম্বিত হ’ব –
বৃষ ৰাশি – সূৰ্যৰ যাত্ৰাই বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ ভাগ্যৰ দুৱাৰ খেলখাব ৷ চাকৰিত বৃহৎ পদোন্নতিৰ সম্ভাৱনা আছে ৷ আপোনাৰ কৰ্মৰ প্ৰশংসা হ’ব ৷ আত্মবিশ্বাস বৃদ্ধি হ’ব ৷ ভাগ্যৰ পূৰ্ণ সমৰ্থন লাভ কৰিব ৷
মেঘ ৰাশি – এই ৰাশিৰ জাতক-জাতিকাৰ বাবে ভাল সময় আহিব ৷ সেয়েহে যিকোনো সিদ্ধান্ত খুব সাৱধানে লওক৷ ইতিবাচক চিন্তাভৱনা কৰিলে ফল লাভ কৰিব ৷ চাকৰি ও ব্যৱসায়ত উন্নতিৰ যোগ ৷ হাতলৈ টকা আহিব ৷ সময় নষ্ট নকৰিব ৷ শ্বেয়াৰ বজাৰৰ সৈতে জড়িত লোক সকলে সুবিধা লাভ কৰিব ৷ বিনিয়োগ কৰাতকৈ অধিক লাভাম্বিত হ’ব পাৰিব ৷
মিথুন ৰাশি- সূৰ্যৰ ৰাশি পৰিৱৰ্তনে মিথুন ৰাশিৰ জাতক-জাতিকা সকলৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰিব ৷ অৰ্থৰ সংকট দূৰ হ’ব ৷ বাধাবিঘ্ন দূৰ হ’ব ৷ জীৱনলৈ ইতিবাচক পৰিবৰ্তন আহিব ৷ কৰ্মজীৱনত উন্নতিৰ যোগ ৷মানসিক চাম হ্ৰাস পাব ৷
কৰ্কট ৰাশি – সূৰ্যৰ মকৰ ৰাশিত যাত্ৰাই কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ কৰ্মজীৱনত সুসময় কঢ়িয়াই আনিব ৷সন্মান বৃদ্ধি হ’ব ৷ ব্যৱসায়ীত জড়িত লোকসকল লাভাম্বিত হ’ব ৷ ভ্ৰমণৰ যোগ আহিব ৷ দাম্পত্য জীৱন সুখৰ হ’ব ৷
মকৰ ৰাশি – সূৰ্য মকৰ ৰাশিত প্ৰৱেশৰ ফলত এই ৰাশিৰ জাতক জাতিকাৰ শুভ দিন আৰম্ভ হ’ব ৷ এই ৰাশিৰ জাতক-জাতিকাই নতুন চাকৰি লাভ কৰিব ৷ অৰ্থনৈতিক দিশটো ভাল হ’ব ৷ শাৰীৰিক মানসিক যন্ত্ৰণাৰ পৰা মুক্তি লাভ কৰিব ৷